Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አት ተካሱር   አንቀጽ:

আত-তাকাছুৰ

ከመዕራፉ ዓላማዎች:
تذكير المتكاثرين واللاهين بالدنيا بالقبور والحساب.
প্ৰাচুৰ্যৰ অভিলাসীবিলাকৰ কথা উল্লেখ কৰা হৈছে, যিসকলে পাৰ্থিৱ জীৱনৰ মোহত পৰি কবৰ আৰু হিচাপ-নিকাচক পাহৰি গৈছে।

اَلْهٰىكُمُ التَّكَاثُرُ ۟ۙ
হে মানৱ, তোমালোকৰ ধন, সন্তানৰ অহংকাৰে আল্লাহৰ ইবাদতৰ পৰা অমনোযোগী কৰি তুলিছে।
የአረብኛ ቁርኣን ማብራሪያ:
حَتّٰی زُرْتُمُ الْمَقَابِرَ ۟ؕ
যেতিয়ালৈকে তোমালোকৰ মৃত্যু নাহে আৰু কবৰত উপনীত নোহোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
كَلَّا سَوْفَ تَعْلَمُوْنَ ۟ۙ
ধন, সন্তানৰ গৌৰৱৰ কাৰণে আল্লাহৰ ইবাদতৰ পৰা তোমালোকে অমনোযোগী হব নালাগিছিল। তোমালোকে এই অমনোযোগীৰ পৰিণাম নিশ্চয় জানিবলৈ পাবা।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ كَلَّا سَوْفَ تَعْلَمُوْنَ ۟ؕ
তাৰ পিছত তুমি অতি সোনকালে ইয়াৰ পৰিণামৰ বিষয়ে অৱগত হবা।
የአረብኛ ቁርኣን ማብራሪያ:
كَلَّا لَوْ تَعْلَمُوْنَ عِلْمَ الْیَقِیْنِ ۟ؕ
সত্য কথাটো হৈছে যদি তোমালোকে বিশ্বাস কৰিলাহেঁতেন যে, তোমালোকে পুনৰ জীৱিত হৈ আল্লাহৰ আগত থিয় হব লাগিব। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ পৰিণাম দিব। তেন্তে ধন, সন্তানৰ গৌৰৱত তোমালোকে আল্লাহৰ প্ৰতি অমনোযোগী নহলাহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
لَتَرَوُنَّ الْجَحِیْمَ ۟ۙ
আল্লাহৰ শপত! তোমালোকে ক্বিয়ামতৰ দিনা জাহান্নাম অৱশ্যই দেখিবলৈ পাবা।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ لَتَرَوُنَّهَا عَیْنَ الْیَقِیْنِ ۟ۙ
আকৌ, তোমালোকে ইয়াক নিশ্চিতৰূপে দেখিবলৈ পাবা। ইয়াত কোনো সন্দেহ নাই।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ لَتُسْـَٔلُنَّ یَوْمَىِٕذٍ عَنِ النَّعِیْمِ ۟۠
তাৰ পিছত সিদিনাখন আল্লাহে তোমালোকক স্বাস্থ্য আৰু ধন- সম্পত্তি আদি অনুগ্ৰহসমূহৰ বিষয়ে অৱশ্যই সোধ-পোচ কৰিব, যিবোৰ তেওঁ তোমালোকক দান কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خطر التفاخر والتباهي بالأموال والأولاد.
ধন-সম্পদক লৈ এজনে আনজনৰ প্ৰতি গৌৰৱ কৰাৰ ক্ষতি।

• القبر مكان زيارة سرعان ما ينتقل منه الناس إلى الدار الآخرة.
কবৰ হৈছে কিছু সময় অৱস্থান কৰাৰ ঠাই। অতি সোনকালে মানুহে তাৰ পৰা পৰকালৰ ঘৰলৈ প্ৰস্থান কৰিব।

• يوم القيامة يُسْأل الناس عن النعيم الذي أنعم به الله عليهم في الدنيا.
ক্বিয়ামতৰ দিনা মানুহক সেই অনুগ্ৰহ বা অৱদানবোৰৰ বিষয়ে প্ৰশ্ন কৰা হব যিবোৰ তাক আল্লাহ তাআলাই প্ৰদান কৰিছিল।

• الإنسان مجبول على حب المال.
ধনৰ লোভ প্ৰাকৃতিকভাৱে মানুহৰ মাজত নিহিত আছে।

 
የይዘት ትርጉም ምዕራፍ: አት ተካሱር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት