Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (18) ምዕራፍ: ሁድ
وَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ كَذِبًا ؕ— اُولٰٓىِٕكَ یُعْرَضُوْنَ عَلٰی رَبِّهِمْ وَیَقُوْلُ الْاَشْهَادُ هٰۤؤُلَآءِ الَّذِیْنَ كَذَبُوْا عَلٰی رَبِّهِمْ ۚ— اَلَا لَعْنَةُ اللّٰهِ عَلَی الظّٰلِمِیْنَ ۟ۙ
সেই ব্যক্তিতকৈ অধিক অত্যাচাৰী আৰু কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে অথবা তেওঁৰ সন্তান আছে বুলি মিছা অভিযোগ উত্থাপন কৰে। এইসকল লোকেই আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে। ক্বিয়ামতৰ দিনা সিহঁতক নিজ প্ৰতিপালকৰ ওচৰত উপস্থিত কৰোৱা হ'ব, যাতে সিহঁতৰ কৰ্ম সম্পৰ্কে সোধ-পোচ কৰিব পাৰে। তেতিয়া ফিৰিস্তা আৰু ৰাছুলসকলৰ মাজৰ সাক্ষীসকলে ক'বঃ এইসকল লোকেই আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিছিল, তেওঁৰ লগত অংশীদাৰ স্থাপন কৰিছিল আৰু তেওঁৰ সন্তান আছে বুলি মিছা অভিযোগ কৰিছিল। জানি থোৱা! আল্লাহৰ প্ৰতি মিছা অভিযোগ কৰি নিজেই নিজৰ প্ৰতি অন্যায় কৰা ব্যক্তিসকলক আল্লাহে নিজৰ কৃপাৰ পৰা বঞ্চিত ৰাখিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تحدي الله تعالى للمشركين بالإتيان بعشر سور من مثل القرآن، وبيان عجزهم عن الإتيان بذلك.
আল্লাহে মুশ্বৰিকসকলক কোৰআনৰ দৰে দহটা ছুৰা আনিবলৈ প্ৰত্যাহ্বান জনাইছে, লগতে এই কথাও উল্লেখ কৰিছে যে, সিহঁতে এই কাম কৰিবলৈ কেতিয়াও সক্ষম নহ'ব।

• إذا أُعْطِي الكافر مبتغاه من الدنيا فليس له في الآخرة إلّا النار.
যিহেতু কাফিৰসকলক পৃথিৱীত সিহঁতৰ আশা অনুযায়ী সকলো দিয়া হৈছে, সেয়ে আখিৰাতত সিহঁতে জাহান্নামৰ বাহিৰে আন একো নাপাব।

• عظم ظلم من يفتري على الله الكذب وعظم عقابه يوم القيامة.
আল্লাহৰ প্ৰতি যিয়ে মিছা আৰোপ কৰে, সি হৈছে মহা-অন্যায়কাৰী, আৰু ক্বিয়ামতৰ দিনা সি মহাশাস্তিৰ সন্মুখীন হ'ব।

 
የይዘት ትርጉም አንቀጽ: (18) ምዕራፍ: ሁድ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት