የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
25 : 11

وَلَقَدْ اَرْسَلْنَا نُوْحًا اِلٰی قَوْمِهٖۤ ؗ— اِنِّیْ لَكُمْ نَذِیْرٌ مُّبِیْنٌ ۟ۙ

অৱশ্যে আমি নূহ আলাইহিছ ছালামক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলো। তেওঁ সিহঁতক কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! নিশ্চয় মই এজন সতৰ্ককাৰী, তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰোঁ। তথা মোক যি প্ৰদান কৰি তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে, সেয়া মই স্পষ্টৰূপে বৰ্ণনা কৰোঁ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الكافر لا ينتفع بسمعه وبصره انتفاعًا يقود للإيمان، فهما كالمُنْتَفِيَين عنه بخلاف المؤمن.
কাফিৰসকলে নিজৰ দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তিৰে ঈমানৰ পথ অনুসন্ধানত উপকৃত নহয়। এনেকুৱা লাগে যেনিবা এই দুটা শক্তি সিহঁতৰ ওচৰত নাই। পক্ষান্তৰে মুমিনসকলৰ বিষয়টো ইয়াৰ বিপৰীত। info

• سُنَّة الله في أتباع الرسل أنهم الفقراء والضعفاء لخلوِّهم من الكِبْر، وخُصُومهم الأشراف والرؤساء.
ৰাছুলসকলৰ অনুসৰণকাৰীসকলৰ ক্ষেত্ৰত আল্লাহৰ সাধাৰণ নিয়ম হৈছে এনেকুৱা যে, তেওঁলোক সচৰাচৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীক লোক হয়। কাৰণ তেওঁলোকৰ মাজত অহংকাৰ তথা অভিমান নাথাকে। আনহাতে বিপৰীত শাৰীত অৱস্থান কৰে গণ্যমান্য আৰু প্ৰমূখ নেতাসকল। info

• تكبُّر الأشراف والرؤساء واحتقارهم لمن دونهم في غالب الأحيان.
সাধাৰণতে গণ্যমান্য আৰু প্ৰমূখসকলে সদায় নিজতকৈ নিম্ন শ্ৰেণীৰ লোকসকলক ঘৃণা কৰে। info