የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
5 : 12

قَالَ یٰبُنَیَّ لَا تَقْصُصْ رُءْیَاكَ عَلٰۤی اِخْوَتِكَ فَیَكِیْدُوْا لَكَ كَیْدًا ؕ— اِنَّ الشَّیْطٰنَ لِلْاِنْسَانِ عَدُوٌّ مُّبِیْنٌ ۟

ইয়াকূব আলাইহিছ ছালামে তেওঁৰ পুত্ৰ ইউছুফক ক'লেঃ হে মোৰ মৰমৰ পুত্ৰ! তোমাৰ এই সপোন তোমাৰ ভাতৃসকলক অৱগত নকৰিবা। অন্যথা সিহঁতে গম পালে বুজি পাব আৰু তোমাৰ লগত হিংসা কৰিব। ফলত সিহঁতে বিদ্বেষত তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিব। নিশ্চয় চয়তান মানুহৰ প্ৰকাশ্য শত্ৰু। info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• ثبوت الرؤيا شرعًا، وجواز تعبيرها.
চৰীয়তি দৃষ্টি সপোনৰ বাস্তৱিকতা, আৰু ইয়াৰ অৰ্থ বৰ্ণনা কৰাৰ বৈধতা। info

• مشروعية كتمان بعض الحقائق إن ترتب على إظهارها شيءٌ من الأذى.
কিছুমান সত্যতা গোপন কৰাৰ বৈধতা, যদি সেই সত্যতা প্ৰকাশ কৰিলে কোনো অপ্ৰিয় ঘটনা হোৱাৰ আশংকা হয়। info

• بيان فضل ذرية آل إبراهيم واصطفائهم على الناس بالنبوة.
ইব্ৰাহীম আলাইহিছ ছালামৰ সন্তানৰ শ্ৰেষ্ঠতাৰ বৰ্ণনা, লোকসকলৰ মাজৰ পৰা তেওঁলোকক নুবুওৱতৰ বাবে নিৰ্বাচিত কৰা হৈছে। info

• الميل إلى أحد الأبناء بالحب يورث العداوة والحسد بين الإِخوة.
নিৰ্দিষ্ট কোনো এজন সন্তানক বেছি মৰম কৰিলে, ই ভাতৃসকলৰ মাজত হিংসা, বিদ্বেষ আৰু শত্ৰুতাৰ কাৰণ হয়। info