Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (18) ምዕራፍ: ኢብራሂም
مَثَلُ الَّذِیْنَ كَفَرُوْا بِرَبِّهِمْ اَعْمَالُهُمْ كَرَمَادِ ١شْتَدَّتْ بِهِ الرِّیْحُ فِیْ یَوْمٍ عَاصِفٍ ؕ— لَا یَقْدِرُوْنَ مِمَّا كَسَبُوْا عَلٰی شَیْءٍ ؕ— ذٰلِكَ هُوَ الضَّلٰلُ الْبَعِیْدُ ۟
কাফিৰসকলে যিবোৰ পূণ্যৰ কৰ্ম কৰে, যেনে- দান কৰা, উপকাৰ কৰা আৰু দুৰ্বলৰ প্ৰতি কৃপা কৰা আদি, ইয়াৰ উদাহৰণ হৈছে সেই ছাইৰ দৰে যিবোৰক ধুমুহাৰ দিনত প্ৰবল বতাহে প্ৰচণ্ড গতিত উৰুৱাই লৈ বেলেগ বেলেগ ঠাইত এনেকৈ বিস্তৃত কৰে যে, তাৰ চিহ্নও বাকী নাথাকে। এইটোৱে হৈছে কাফিৰসকলৰ পূণ্যৰ অৱস্থা, যিটোৰ ওপৰত কুফুৰীৰ প্ৰবল ধুমুহা আহিছে। সেয়ে ক্বিয়ামতৰ দিনা কাফিৰসকলক এইবোৰে একো উপকাৰ সাধন নকৰিব। দৰাচলতে যি কৰ্ম ঈমানৰ ভিত্তিত কৰা নহয়, সেইটো হৈছে সত্যৰ পৰা বহু দূৰত অৱস্থান কৰা পথভ্ৰষ্টতা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أن الأنبياء والرسل بشرٌ من بني آدم، غير أن الله تعالى فضلهم بحمل الرسالة واصطفاهم لها من بين بني آدم.
নিশ্চয় নবী আৰু ৰাছুলসকলো আদম সন্তান তথা মানৱ। যদিও আল্লাহে তেওঁলোকক নবুওৱত প্ৰদান কৰি শ্ৰেষ্ঠতা প্ৰদান কৰিছে, তথা আদম সন্তানৰ মাজৰ পৰা তেওঁলোকক এই কৰ্মৰ বাবে নিৰ্বাচিত কৰিছে।

• على الداعية الذي يريد التغيير أن يتوقع أن هناك صعوبات جَمَّة سوف تقابله، ومنها الطرد والنفي والإيذاء القولي والفعلي.
সমাজত পৰিবৰ্তন কামী দাঈসকলে এইটো মনত ৰখা উচিত যে, তেওঁলোক নিশ্চিতভাৱে কিছুমান বাধাৰ সন্মুখীন হ'ব, যেনে- একাঘৰীয়া, দেশৰ পৰা বহিষ্কাৰ, কথা আৰু কৰ্মৰ দ্বাৰা নিৰ্যাতন আদি।

• أن الدعاة والصالحين موعودون بالنصر والاستخلاف في الأرض.
দাঈ আৰু পূণ্যৱান লোকসকলক সহায়ৰ আৰু পৃথিৱীৰ উত্তৰাধিকাৰী হোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

• بيان إبطال أعمال الكافرين الصالحة، وعدم اعتبارها بسبب كفرهم.
কাফিৰসকলৰ কুফুৰীৰ কাৰণে সিহঁতৰ যাৱতীয় নেক আমল ব্যৰ্থ তথা মূল্যহীন।

 
የይዘት ትርጉም አንቀጽ: (18) ምዕራፍ: ኢብራሂም
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት