የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (36) ምዕራፍ: ሱረቱ ኢብራሂም
رَبِّ اِنَّهُنَّ اَضْلَلْنَ كَثِیْرًا مِّنَ النَّاسِ ۚ— فَمَنْ تَبِعَنِیْ فَاِنَّهٗ مِنِّیْ ۚ— وَمَنْ عَصَانِیْ فَاِنَّكَ غَفُوْرٌ رَّحِیْمٌ ۟
হে মোৰ প্ৰতিপালক! নিশ্চয় এই মূৰ্তিবোৰে বহুতো মানুহক বিভ্ৰান্ত কৰি ৰাখিছে। সেই কাৰণে সিহঁতে ভাৱিছে যে, এইবোৰে সিহঁতক ছুপাৰিছ কৰিব, সেইকাৰণে সিহঁতে এই ফিতনাত লিপ্ত হৈছে। আল্লাহক এৰি এইবোৰৰ উপাসনা কৰি আছে। এতেকে যিসকল লোকে আল্লাহৰ একত্ব স্বীকাৰ কৰি আৰু তেওঁৰ আদেশ পালন কৰি মোৰ অনুসৰণ কৰিব, তেওঁলোকেই হ'ব মোৰ সহযোগী আৰু মোৰ অনুসৰণকাৰী। আনহাতে যিসকলে আল্লাহৰ একত্ব আৰু তেওঁৰ আনুগত্যৰ ক্ষেত্ৰত মোৰ আদেশৰ বিপৰীতে মোক অৱজ্ঞা কৰিব, হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি ক্ষমাশীল, তুমি যাক ইচ্ছা কৰা ক্ষমা কৰি দিয়া, আৰু সিহঁতৰ প্ৰতি কৃপাশীল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• بيان فضيلة مكة التي دعا لها نبي الله إبراهيم عليه الصلاة والسلام.
মক্কা নগৰীৰ শ্ৰেষ্ঠতাৰ বৰ্ণনা, যাৰ বাবে ইব্ৰাহীম আলাইহিছ ছালামে দুআ কৰিছিল।

• أن الإنسان مهما ارتفع شأنه في مراتب الطاعة والعبودية ينبغي له أن يخاف على نفسه وذريته من جليل الشرك ودقيقه.
মানুহে আনুগত্য আৰু ইবাদতৰ ক্ষেত্ৰত যিমানেই ডাঙৰ মৰ্যাদা নাপাওক কিয়, তেওঁ নিজে আৰু নিজ সন্তান-সন্ততিৰ বাবে সদায় শ্বিৰ্কৰ পৰা ভয় কৰা উচিত।

• دعاء إبراهيم عليه الصلاة والسلام يدل على أن العبد مهما ارتفع شأنه يظل مفتقرًا إلى الله تعالى ومحتاجًا إليه.
ইব্ৰাহীম আলাইহিছ ছালামৰ প্ৰাৰ্থনাই এই কথা প্ৰমাণ কৰে যে, বান্দা যিমানেই মৰ্যদাশীল নহওঁক কিয়, সদায় আল্লাহৰ মুখাপেক্ষী।

• من أساليب التربية: الدعاء للأبناء بالصلاح وحسن المعتقد والتوفيق في إقامة شعائر الدين.
লালন-পালনৰ এটা অন্যতম দিশ হৈছে এই যে, নিজৰ সন্তানৰ বাবে নেকী আৰু সঠিক আক্বীদাৰ বাবে দুআ কৰা উচিত, লগতে দুআ কৰা উচিত তেওঁলোক যাতে ধৰ্মীয় নীতি নিয়ম মানি চলিব পাৰে।

 
የይዘት ትርጉም አንቀጽ: (36) ምዕራፍ: ሱረቱ ኢብራሂም
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት