የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
48 : 14

یَوْمَ تُبَدَّلُ الْاَرْضُ غَیْرَ الْاَرْضِ وَالسَّمٰوٰتُ وَبَرَزُوْا لِلّٰهِ الْوَاحِدِ الْقَهَّارِ ۟

কাফিৰসকলৰ পৰা এই প্ৰতিশোধ ক্বিয়ামতৰ দিনা লোৱা হ'ব। সেই দিনা এই পৃথিৱীক চাফ-চিকুন পৃথিৱীলৈ ৰূপান্তৰিত কৰা হ'ব। আকাশসমূহকো বেলেগ আকাশত পৰিণত কৰা হব। কবৰৰ পৰা মানুহ নিজৰ নিজৰ আমল আৰু শৰীৰ লৈ উঠিব। সেই আল্লাহৰ সন্মুখত অকলশৰীয়া হৈ থিয় হ'ব, যিজন মহানতা আৰু ৰাজত্ব একক। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজয় কৰিব নোৱাৰে। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• تصوير مشاهد يوم القيامة وجزع الخلق وخوفهم وضعفهم ورهبتهم، وتبديل الأرض والسماوات.
ক্বিয়ামত দিৱসৰ দৃশ্য, মানুহৰ ভয়-ভীতি আৰু নিৰ্বলতাৰ বৰ্ণনা, পৃথিৱী আৰু আকাশমণ্ডল পৰিবৰ্তনৰ বৰ্ণনা। info

• وصف شدة العذاب والذل الذي يلحق بأهل المعصية والكفر يوم القيامة.
পাপিষ্ঠ আৰু কাফিৰসকলৰ বাবে ক্বিয়ামতৰ দিনা হ'বলগীয়া কঠিন শাস্তি আৰু অপমানৰ বৰ্ণনা। info

• أن العبد في سعة من أمره في حياته في الدنيا، فعليه أن يجتهد في الطاعة، فإن الله تعالى لا يتيح له فرصة أخرى إذا بعثه يوم القيامة.
পাৰ্থিৱ জীৱনত বান্দাই নিজৰ ক্ষেত্ৰত ফয়চালা লব পাৰে। সেয়ে সিহঁতে বেছি বেছি নেক কৰ্ম কৰা উচিত। কিয়নো আল্লাহে ক্বিয়ামতৰ দিনা পুনৰুত্থান কৰাৰ পিছত দ্বিতীয়বাৰ এই অৱকাশ প্ৰদান নকৰিব। info