Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (23) ምዕራፍ: አል ኢስራዕ
وَقَضٰی رَبُّكَ اَلَّا تَعْبُدُوْۤا اِلَّاۤ اِیَّاهُ وَبِالْوَالِدَیْنِ اِحْسَانًا ؕ— اِمَّا یَبْلُغَنَّ عِنْدَكَ الْكِبَرَ اَحَدُهُمَاۤ اَوْ كِلٰهُمَا فَلَا تَقُلْ لَّهُمَاۤ اُفٍّ وَّلَا تَنْهَرْهُمَا وَقُلْ لَّهُمَا قَوْلًا كَرِیْمًا ۟
হে মোৰ বান্দাসকল! তোমালোকৰ প্ৰতিপালকে আদেশ দিছে তথা অনিবাৰ্য কৰিছে যে, তেওঁৰ বাহিৰে যাতে আন কাৰো ইবাদত কৰা নহয়। লগতে পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰাৰ আদেশ দিছে, বিশেষকৈ বৃদ্ধ বয়সত। যদি পিতৃ-মাতৃৰ কোনোবা এজন অথবা দুয়োজনেই বৃদ্ধ বয়সত উপনীত হয় তেন্তে তেওঁলোকৰ লগত ধেৎ শব্দও ব্যৱহাৰ নকৰিবা। তেওঁলোকৰ ওপৰত খং নেদেখুৱাবা আৰু অন্তৰত আঘাত কৰা শব্দ ব্যৱহাৰ নকৰিবা। বৰং তেওঁলোকৰ সৈতে আদব সহকাৰে কোমল কথা ক'বা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• ينبغي للإنسان أن يفعل ما يقدر عليه من الخير وينوي فعل ما لم يقدر عليه؛ ليُثاب على ذلك.
মানুহে সক্ষম অনুযায়ী সৎকৰ্ম কৰা উচিত, আৰু যিবোৰ নেক কৰ্ম কৰিবলৈ সক্ষম নহয় সেইবোৰ কৰিবলৈ মনতে আশা পুহি ৰখা উচিত, যাতে ইয়াৰ ছোৱাব পোৱা যায়।

• أن النعم في الدنيا لا ينبغي أن يُسْتَدل بها على رضا الله تعالى؛ لأنها قد تحصل لغير المؤمن، وتكون عاقبته المصير إلى عذاب الله.
পৃথিৱীত লাভ কৰা নিয়ামতবোৰ এই কথাৰ প্ৰমাণ নহয় যে, আল্লাহে সেই ব্যক্তিৰ প্ৰতি সন্তুষ্ট। কিয়নো পাৰ্থিৱ জীৱনৰ এই ধন-সম্পদ অমুছলিমেও লাভ কৰে, অৱশেষত তাৰ পৰিণাম হয় আল্লাহৰ শাস্তি।

• الإحسان إلى الوالدين فرض لازم واجب، وقد قرن الله شكرهما بشكره لعظيم فضلهما.
পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰা ফৰজ তথা অপৰিহাৰ্য। তেওঁলোকৰ মহা মৰ্যাদা বুজাবলৈ আল্লাহে নিজৰ কৃতজ্ঞতাৰ সৈতে তেওঁলোকৰ কৃতজ্ঞতাৰ কথা সংযুক্ত কৰিছে।

• يحرّم الإسلام التبذير، والتبذير إنفاق المال في غير حقه.
অপব্যয় কৰাক ইছলামে হাৰাম কৰিছে। অপব্যয় হৈছে অনুপযুক্ত ঠাইত ধন ব্যয় কৰা।

 
የይዘት ትርጉም አንቀጽ: (23) ምዕራፍ: አል ኢስራዕ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት