የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
62 : 17

قَالَ اَرَءَیْتَكَ هٰذَا الَّذِیْ كَرَّمْتَ عَلَیَّ ؗ— لَىِٕنْ اَخَّرْتَنِ اِلٰی یَوْمِ الْقِیٰمَةِ لَاَحْتَنِكَنَّ ذُرِّیَّتَهٗۤ اِلَّا قَلِیْلًا ۟

ইবলিছে নিজ প্ৰতিপালকক সম্বোধন কৰি ক'লেঃ এইটোৱেই সেই মখলুকনে যাক ছাজদাহ কৰিবলৈ আদেশ প্ৰদান কৰি তুমি তাক মোৰ ওপৰত প্ৰাধান্য প্ৰদান কৰিছা, যদি তুমি মোক পাৰ্থিৱ জীৱনৰ শেষলৈকে জীৱিত ৰাখা তেন্তে নিশ্চয় মই ইয়াৰ সন্তানসকলক নিজৰ ফালে আকৰ্ষিত কৰিম আৰু সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিম। কিন্তু ইয়াৰ পৰা কেৱল সেইসকল লোকেই সুৰক্ষিত থাকিব, যাক তুমি সুৰক্ষা প্ৰদান কৰিবা, তেওঁলোক হৈছে তোমাৰ প্ৰকৃত বান্দা। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من رحمة الله بالناس عدم إنزاله الآيات التي يطلبها المكذبون حتى لا يعاجلهم بالعقاب إذا كذبوا بها.
মানুহৰ প্ৰতি আল্লাহৰ অশেষ দয়াৰ কাৰণেই তেওঁ সিহঁতৰ দাবী অনুযায়ী নিদৰ্শন অৱতীৰ্ণ কৰা নাই, কাৰণ সিহঁতে সেই নিদৰ্শন অস্বীকাৰ কৰিলে দ্ৰুত শাস্তিৰ সন্মুখীন হ'ব। info

• ابتلى الله العباد بالشيطان الداعي لهم إلى معصية الله بأقواله وأفعاله.
আল্লাহে চয়তানৰ দ্বাৰা তেওঁৰ বান্দাসকলক পৰীক্ষাত পেলাইছে, চয়তানে নিজৰ কথা আৰু কৰ্মৰ জৰিয়তে সিহঁতক গুনাহৰ ফালে আহ্বান কৰে। info

• من صور مشاركة الشيطان للإنسان في الأموال والأولاد: ترك التسمية عند الطعام والشراب والجماع، وعدم تأديب الأولاد.
সন্তান-সন্ততি আৰু ধন-সম্পত্তিৰ ক্ষেত্ৰত চয়তান মানুহৰ অংশীদাৰ হোৱাৰ কেইটামান প্ৰকাৰ হৈছে এনে ধৰণৰঃ পানাহাৰ তথা সম্ভোগৰ সময়ত বিছমিল্লাহ নোকোৱা, তথা ল’ৰা ছোৱালীক শিষ্টাচাৰা নিশিকোৱা। info