Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (104) ምዕራፍ: አል-በቀራህ
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَقُوْلُوْا رَاعِنَا وَقُوْلُوا انْظُرْنَا وَاسْمَعُوْا ؕ— وَلِلْكٰفِرِیْنَ عَذَابٌ اَلِیْمٌ ۟
আল্লাহে মুমিনসকলক ভাল শব্দ ব্যৱহাৰৰ প্ৰতি মনোযোগ প্ৰদান কৰি কৈছেঃ হে ঈমান্দাৰসকল! তোমালোকে ৰা-ঈনা (অৰ্থাৎ আমাৰ প্ৰতি লক্ষ্য কৰক) শব্দটো ব্যৱহাৰ নকৰিবা। কিয়নো ইয়াহুদীসকলে ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰাৰ সময়ত অহংকাৰ কৰি বেয়া অৰ্থ প্ৰকাশ কৰে। সেয়ে আল্লাহে এই দুৱাৰ বন্ধ কৰিবলৈ এই শব্দটোকে ব্যৱহাৰ কৰিবলৈ নিষেধ কৰিছে আৰু বান্দাসকলক আদেশ দিছে যে, ইয়াৰ পৰিবৰ্তে তোমালোকে উনযুৰনা (অৰ্থাৎ অকণমান অপেক্ষা কৰক, যাতে আমি আপোনাৰ কথা ভালদৰে বুজি পাওঁ) শব্দ ব্যৱহাৰ কৰা। এই শব্দটোৱে কোনো ক্ষতি নোহোৱাকৈ মূল অৰ্থ প্ৰকাশ কৰে। আৰু কাফিৰসকলৰ বাবে আছে যন্ত্ৰণাদায়ক অতি কষ্টকৰ শাস্তি।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• سوء أدب اليهود مع أنبياء الله حيث نسبوا إلى سليمان عليه السلام تعاطي السحر، فبرّأه الله منه، وأَكْذَبَهم في زعمهم.
নবীসকলৰ লগত ইয়াহুদীসকলৰ কুঃআচৰণ। কিয়নো সিহঁতে ছুলাইমান আলাইহিছ ছালামৰ লগত যাদু বিদ্যাৰ বিষয় সম্পৃক্ত কৰিছিল। আল্লাহে তেখেতক ইয়াৰ পৰা মুক্ত ঘোষণা কৰিছে আৰু ইয়াহুদীসকলৰ কথাক মিছা প্ৰমাণিত কৰিছে।

• أن السحر له حقيقة وتأثير في العقول والأبدان، والساحر كافر، وحكمه القتل.
যাদু বিদ্যা বাস্তৱ। জ্ঞান-বুদ্ধি তথা শৰীৰত ইয়াৰ প্ৰভাৱ পৰে। এতেকে যাদুকৰ হৈছে কাফিৰ আৰু ইয়াৰ বিধান হৈছে মৃত্যুদণ্ড।

• لا يقع في ملك الله تعالى شيء من الخير والشر إلا بإذنه وعلمه تعالى.
আল্লাহৰ ৰাজত্বত ভাল বেয়া যি সংঘটিত হয়, সেই সকলোবোৰ আল্লাহৰ অনুমতি আৰু জ্ঞানৰ দ্বাৰাই হয়।

• سد الذرائع من مقاصد الشريعة، فكل قول أو فعل يوهم أمورًا فاسدة يجب تجنبه والبعد عنه.
অসত্কৰ্মৰ মাধ্যমবোৰ বন্ধ কৰা চৰীয়তৰ এটা অন্যতম উদ্দেশ্য। প্ৰত্যেক এনেকুৱা কথা বা কৰ্ম যিটো বেয়া ধাৰণা সৃষ্টি কৰে, তাৰ পৰা বিৰত থকা আৰু দূৰত থকা বাঞ্চনীয়।

• أن الفضل بيد الله تعالى وهو الذي يختص به من يشاء برحمته وحكمته.
সকলো ধৰণৰ কল্যাণ কেৱল আল্লাহৰ হাততহে আছে। তেওঁ নিজৰ কৃপা আৰু প্ৰজ্ঞাৰে যাক ইচ্ছা প্ৰদান কৰে।

 
የይዘት ትርጉም አንቀጽ: (104) ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት