Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (106) ምዕራፍ: አል-በቀራህ
مَا نَنْسَخْ مِنْ اٰیَةٍ اَوْ نُنْسِهَا نَاْتِ بِخَیْرٍ مِّنْهَاۤ اَوْ مِثْلِهَا ؕ— اَلَمْ تَعْلَمْ اَنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
আল্লাহ তাআলাই বৰ্ণনা কৰিছে যে, তেওঁ যেতিয়াই কোনো আয়াতৰ বিধান মনছুখ (ৰহিত) কৰে অথবা কোনো আয়াতৰ শব্দ মনছুখ কৰি সেয়া মানুহক পাহৰাই দিয়ে তেতিয়া তাৰ ঠাইত তেনেকুৱাই আয়াত পুনৰ লৈ আহে যিটো সিহঁতৰ বাবে দুনিয়া আৰু আখিৰাত উভয় ঠাইতে বেছি লাভদায়ক হব। নাইবা বেছি নহলেও পূৰ্বৰ আয়াতৰ সমান লাভদায়ক হব আৰু এই সকলোবোৰ আল্লাহৰ জ্ঞান আৰু তেওঁৰ প্ৰজ্ঞা মুতাবিকহে সংঘটিত হয়। হে নবী আপুনি দেখুন জানেই যে, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। তেওঁ যি বিচাৰে সেইটোৱে কৰে আৰু তেওঁ যিদৰে বিচাৰে সেইটোৱে আদেশ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أن الأمر كله لله، فيبدل ما يشاء من أحكامه وشرائعه، ويبقي ما يشاء منها، وكل ذلك بعلمه وحكمته.
সকলো বিষয় আল্লাহৰ হাতত। তেওঁ নিজৰ যি আদেশক ইচ্ছা কৰে পৰিবৰ্তন কৰে আৰু যিটো ইচ্ছা কৰে বলৱৎ কৰে আৰু এই সকলোবোৰ তেওঁ জানি বুজি নিজ প্ৰজ্ঞাৰ দ্বাৰাই কৰে।

• حَسَدُ كثيرٍ من أهل الكتاب هذه الأمة، لما خصَّها الله من الإيمان واتباع الرسول، حتى تمنوا رجوعها إلى الكفر كما كانت.
বহুতো আহলে কিতাবে এই উম্মতৰ লগত ঈৰ্ষা পোষণ কৰে। কেৱল এয়াই নহয়, তেওঁলোক যাতে পুনৰ কুফৰীৰ পিনে ওভতি যায় তাৰে কামনা কৰে। এয়া কাৰণে কৰে যে, আল্লাহে মুমিনসকলক ঈমান আৰু ৰাছুলৰ অনুসৰণৰ বৈশিষ্ট্য প্ৰদান কৰিছে।

 
የይዘት ትርጉም አንቀጽ: (106) ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት