የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
112 : 2

بَلٰی ۗ— مَنْ اَسْلَمَ وَجْهَهٗ لِلّٰهِ وَهُوَ مُحْسِنٌ فَلَهٗۤ اَجْرُهٗ عِنْدَ رَبِّهٖ ۪— وَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟۠

প্ৰত্যেক সেই ব্যক্তি জান্নাতত প্ৰৱেশ কৰিব, যিয়ে নিষ্ঠাৰ সৈতে আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে তথা ৰাছুলে দেখুৱাই দিয়া পদ্ধতি অনুযায়ী আন্তৰিকতাৰে আল্লাহৰ ইবাদত কৰে। এনেকুৱা ব্যক্তিহে জান্নাতত প্ৰৱেশ কৰিব। সি যি সম্প্ৰদায়ৰে নহওঁক কিয়। তাৰ প্ৰতিদান আছে নিজ প্ৰতিপালকৰ ওচৰত। আখিৰাতত তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু পৃথিৱীত কোনো বস্তু নোপোৱাৰ বাবে দুখ প্ৰকাশো নকৰিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আবিৰ্ভাৱৰ পিছত এনেকুৱা বৈশিষ্ট্য কেৱল মুমিনসকলৰহে আছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أن الأمر كله لله، فيبدل ما يشاء من أحكامه وشرائعه، ويبقي ما يشاء منها، وكل ذلك بعلمه وحكمته.
সকলো বিষয় আল্লাহৰ হাতত। তেওঁ নিজৰ যি আদেশক ইচ্ছা কৰে পৰিবৰ্তন কৰে আৰু যিটো ইচ্ছা কৰে বলৱৎ কৰে আৰু এই সকলোবোৰ তেওঁ জানি বুজি নিজ প্ৰজ্ঞাৰ দ্বাৰাই কৰে। info

• حَسَدُ كثيرٍ من أهل الكتاب هذه الأمة، لما خصَّها الله من الإيمان واتباع الرسول، حتى تمنوا رجوعها إلى الكفر كما كانت.
বহুতো আহলে কিতাবে এই উম্মতৰ লগত ঈৰ্ষা পোষণ কৰে। কেৱল এয়াই নহয়, তেওঁলোক যাতে পুনৰ কুফৰীৰ পিনে ওভতি যায় তাৰে কামনা কৰে। এয়া কাৰণে কৰে যে, আল্লাহে মুমিনসকলক ঈমান আৰু ৰাছুলৰ অনুসৰণৰ বৈশিষ্ট্য প্ৰদান কৰিছে। info