Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (113) ምዕራፍ: አል-በቀራህ
وَقَالَتِ الْیَهُوْدُ لَیْسَتِ النَّصٰرٰی عَلٰی شَیْءٍ ۪— وَّقَالَتِ النَّصٰرٰی لَیْسَتِ الْیَهُوْدُ عَلٰی شَیْءٍ ۙ— وَّهُمْ یَتْلُوْنَ الْكِتٰبَ ؕ— كَذٰلِكَ قَالَ الَّذِیْنَ لَا یَعْلَمُوْنَ مِثْلَ قَوْلِهِمْ ۚ— فَاللّٰهُ یَحْكُمُ بَیْنَهُمْ یَوْمَ الْقِیٰمَةِ فِیْمَا كَانُوْا فِیْهِ یَخْتَلِفُوْنَ ۟
ইয়াহুদীসকলে কয়, খৃষ্টানসকল সঠিক ধৰ্মত নহয়। আনহাতে খৃষ্টানসকলে কয়, ইয়াহুদীসকল সঠিক ধৰ্মত নহয়। অথচ উভয় ধৰ্মৰ অনুসাৰীসকলে নিজৰ নিজৰ ধৰ্মগ্ৰন্থত সিহঁতে অস্বীকাৰ কৰা বিষয়টো আৰু তাৰ মাজত থকা সকলো নবীৰ প্ৰতি কোনো ধৰণৰ পাৰ্থক্য নকৰাকৈ ঈমান পোষণ কৰাৰ আদেশসমূহ পাঠ কৰে। দৰাচলতে ইহঁতে সকলো ৰাছুলক আৰু তেওঁলোকে পোৱা কিতাবসমূহক অস্বীকাৰ কৰি সেইসকল মুশ্বৰিকৰ দৰে হৈ গৈছে যিসকলৰ ওচৰত (কিতাবৰ কোনো) জ্ঞান নাই। সেয়ে আল্লাহে কিয়ামতৰ দিনা সকলো মতানৈক্যকাৰীৰ মাজত ফয়চালা কৰিব। সেই ন্যায়পূৰ্ণ আদেশৰ জৰিয়তে যিটো তেখেতে তেওঁৰ বান্দাসকলক জনাই দিছে যে, আল্লাহে অৱতীৰ্ণ কৰা সকলো পুথিৰ প্ৰতি ঈমান পোষণ নকৰাকৈ সফলতা পোৱা সম্ভৱ নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الكفر ملة واحدة وإن اختلفت أجناس أهله وأماكنهم، فهم يتشابهون في كفرهم وقولهم على الله بغير علم.
কুফৰৰ এটাই ধৰ্ম। ইয়াৰ অনুসাৰীসকলৰ কেৱল দল আৰু স্থান বেলেগ বেলেগ। কিন্তু কুফৰৰ ক্ষেত্ৰত আৰু আল্লাহৰ প্ৰতি জ্ঞান নোহোৱাকৈ কথা কোৱাৰ ক্ষেত্ৰত সিহঁত সমান।

• أعظم الناس جُرْمًا وأشدهم إثمًا من يصد عن سبيل الله، ويمنع من أراد فعل الخير.
আটাইতকৈ ডাঙৰ অপৰাধী আৰু পাপিষ্ঠ সেইজন ব্যক্তি যিয়ে মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে আৰু সত্কৰ্মত বাধা দিয়ে।

• تنزّه الله تعالى عن الصاحبة والولد، فهو سبحانه لا يحتاج لخلقه.
আল্লাহ তাআলা স্ত্ৰী আৰু সন্তানৰ পৰা পৱিত্ৰ। তেওঁৰ পৱিত্ৰ সত্ত্বা সৃষ্টিৰ মুখাপেক্ষী নহয়।

 
የይዘት ትርጉም አንቀጽ: (113) ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት