የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (150) ምዕራፍ: ሱረቱ አል-በቀራህ
وَمِنْ حَیْثُ خَرَجْتَ فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ؕ— وَحَیْثُ مَا كُنْتُمْ فَوَلُّوْا وُجُوْهَكُمْ شَطْرَهٗ ۙ— لِئَلَّا یَكُوْنَ لِلنَّاسِ عَلَیْكُمْ حُجَّةٌ ۗ— اِلَّا الَّذِیْنَ ظَلَمُوْا مِنْهُمْ ۗ— فَلَا تَخْشَوْهُمْ وَاخْشَوْنِیْ ۗ— وَلِاُتِمَّ نِعْمَتِیْ عَلَیْكُمْ وَلَعَلَّكُمْ تَهْتَدُوْنَ ۟ۙۛ
হে নবী! আপুনি য’ৰ পৰাই নোলাওক কিয়, ছালাত আদায় কৰিব বিচাৰিলে মছজিদে হাৰামৰ পিনে মুখ কৰি লওক। লগতে হে মুমিনসকল! তোমালোকে য’তেই নাথাকা কিয়, ছালাতৰ সময়ত সেই পিনেই মুখ কৰি ছালাত আদায় কৰিবা। যাতে মানুহে তোমালোকৰ বিৰুদ্ধে কোনো দলীল বিচাৰি নাপায়। কিন্তু অন্যায়কাৰী লোকসকলৰ কথাটো বেলেগ। কিয়নো সিহঁত বিদ্বেষপূৰ্ণ আচৰণত অটল থাকিব আৰু তোমালোকৰ বিৰুদ্ধে দুৰ্বলতকৈ দুৰ্বল প্ৰমাণ প্ৰস্তুত কৰি থাকিব। এতেকে তোমালোকে সিহঁতক ভয় নকৰিবা, বৰং নিজ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। প্ৰকৃততে আল্লাহে কাবা ঘৰৰ পিনে মুখ কৰাৰ আদেশ এই কাৰণেই দিছে যাতে তোমালোকক আন আন সম্প্ৰদায়ৰ পৰা পৃথক পৰিচয় প্ৰদান কৰি তোমালোকৰ ওপৰত তেওঁৰ নিয়ামতসমূহ সম্পূৰ্ণ কৰিব পাৰে লগতে যাতে তোমালোকক সৰ্বশ্ৰেষ্ঠ কিবলাৰ পিনে হিদায়ত দিয়ে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إطالة الحديث في شأن تحويل القبلة؛ لما فيه من الدلالة على نبوة محمد صلى الله عليه وسلم.
কিবলা পৰিবৰ্তন সম্পৰ্কে দীঘলীয়া আলোচনা কৰা হৈছে। কিয়নো এইটো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবী হোৱাৰ প্ৰমাণসমূহৰ এটা অন্যতম প্ৰমাণ।

• ترك الجدال والاشتغالُ بالطاعات والمسارعة إلى الله أنفع للمؤمن عند ربه يوم القيامة.
বাদ-বিবাদ পৰিত্যাগ কৰি তত্ক্ষণাত আনুগত্য কৰাটো মুমিনৰ বাবে ক্বিয়ামতৰ দিনা তেওঁৰ প্ৰতিপালকৰ ওচৰত অধিক লাভদায়ক।

• أن الأعمال الصالحة الموصلة إلى الله متنوعة ومتعددة، وينبغي للمؤمن أن يسابق إلى فعلها؛ طلبًا للأجر من الله تعالى.
আল্লাহৰ নৈকট্য অৰ্জন কৰিব পৰা বিভিন্ন প্ৰকাৰৰ বহুতো নেক আমল আছে। মুমিনসকলে আল্লাহৰ পৰা ছোৱাব আশা কৰি সেইবোৰ কৰ্মত প্ৰতিযোগিতা কৰা উচিত।

• عظم شأن ذكر الله -جلّ وعلا- حيث يكون ثوابه ذكر العبد في الملأ الأعلى.
ইয়াৰ দ্বাৰা আল্লাহৰ যিকিৰ বা স্মৰণৰ মহত্ব বুজায়। কিয়নো ইয়াৰ ফলত আল্লাহে তেওঁৰ ওচৰত থকা নৈকট্য প্ৰাপ্ত ফিৰিস্তাসকলৰ মাজত বান্দাক স্মৰণ কৰে।

 
የይዘት ትርጉም አንቀጽ: (150) ምዕራፍ: ሱረቱ አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት