Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (217) ምዕራፍ: አል-በቀራህ
یَسْـَٔلُوْنَكَ عَنِ الشَّهْرِ الْحَرَامِ قِتَالٍ فِیْهِ ؕ— قُلْ قِتَالٌ فِیْهِ كَبِیْرٌ ؕ— وَصَدٌّ عَنْ سَبِیْلِ اللّٰهِ وَكُفْرٌ بِهٖ وَالْمَسْجِدِ الْحَرَامِ ۗ— وَاِخْرَاجُ اَهْلِهٖ مِنْهُ اَكْبَرُ عِنْدَ اللّٰهِ ۚ— وَالْفِتْنَةُ اَكْبَرُ مِنَ الْقَتْلِ ؕ— وَلَا یَزَالُوْنَ یُقَاتِلُوْنَكُمْ حَتّٰی یَرُدُّوْكُمْ عَنْ دِیْنِكُمْ اِنِ اسْتَطَاعُوْا ؕ— وَمَنْ یَّرْتَدِدْ مِنْكُمْ عَنْ دِیْنِهٖ فَیَمُتْ وَهُوَ كَافِرٌ فَاُولٰٓىِٕكَ حَبِطَتْ اَعْمَالُهُمْ فِی الدُّنْیَا وَالْاٰخِرَةِ ۚ— وَاُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ— هُمْ فِیْهَا خٰلِدُوْنَ ۟
হে নবী! মানুহে আপোনাক সন্মানিত মাহবোৰ অৰ্থাৎ জুলকাদাহ, জুলহিজ্জা, মুহাৰ্ৰম আৰু ৰজব মাহত যুদ্ধ কৰাৰ বিধান সম্পৰ্কে প্ৰশ্ন কৰে। আপুনি সিহঁতক জনাই দিয়ক যে, এই মাহবোৰত যুদ্ধ কৰা আল্লাহৰ দৃষ্টিত বৰ অপছন্দনীয়। ঠিক সেইদৰে যিদৰে মুশ্বৰিকসকলৰ আল্লাহৰ পথত বাধা প্ৰদান কৰা কাৰ্য অপছন্দনীয়। লগতে মুমিনসকলক মছজিদে হাৰামত প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰা, মছজিদে হাৰামৰ অধিবাসীসকলক তাৰ পৰা বহিষ্কাৰ কৰা, আল্লাহৰ দৃষ্টিত সন্মানিত মাহত যুদ্ধ কৰাতকৈও অধিক ডাঙৰ পাপ। তথা শ্বিৰ্ক যিটোত সিহঁতে লিপ্ত হৈ আছে সেয়া হত্যাতকৈও ডাঙৰ গুনাহ। হে মুমিনসকল! মুশ্বৰিকসকল সদায় অন্যায়-অত্যাচাৰত বৰ্তি হৈ থাকিব আৰু তোমালোকৰ লগত যুদ্ধ কৰি থাকিব, আনকি সম্ভৱ হলে তোমালোকক সত্য ধৰ্মৰ পৰা আঁতৰাই সিহঁতৰ অসত্য ধৰ্মৰ পিনে উভতাই নিব। এতেকে তোমালোকৰ মাজৰ যিয়ে নিজৰ ধৰ্ম ত্যাগ কৰিব আৰু সেই কুফৰ অৱস্থাতে মৃত্যুবৰণ কৰিব তেন্তে তাৰ সকলো নেক আমল অথলে যাব আৰু অৱশেষত সি জাহান্নামত প্ৰৱেশ কৰিব আৰু তাত সি চিৰকাল থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الجهل بعواقب الأمور قد يجعل المرء يكره ما ينفعه ويحب ما يضره، وعلى المرء أن يسأل الله الهداية للرشاد.
কাৰ্যৰ পৰিণাম নজনাৰ কাৰণে কেতিয়াবা মানুহে উপকাৰী বস্তুকো অপছন্দ কৰিবলৈ ধৰে আনহাতে ক্ষতিকৰ বস্তুক পছন্দ কৰে। সেয়ে আল্লাহৰ ওচৰত সৎ পথৰ হিদায়তৰ বাবে দুআ কৰা উচিত।

• جاء الإسلام بتعظيم الحرمات والنهي عن الاعتداء عليها، ومن أعظمها صد الناس عن سبيل الله تعالى.
ইছলামে সন্মানিত বস্তুক মৰ্যদা দিবলৈ শিকায় আৰু সেই বিষয়ে সীমালংঘন কৰিবলৈ নিষেধ কৰে। আৰু আটাইতকৈ ডাঙৰ সীমালংঘন হৈছে মানুহক আল্লাহৰ পথৰ পৰা বাধা প্ৰদান কৰা।

• لا يزال الكفار أبدًا حربًا على الإسلام وأهله حتَّى يخرجوهم من دينهم إن استطاعوا، والله موهن كيد الكافرين.
কাফিৰসকলে সদায় ইছলাম আৰু মুছলিমৰ বিৰুদ্ধে যুদ্ধ কৰি যাব, যেতিয়ালৈকে সিহঁতে তেওঁলোকক সাধ্যানুযায়ী ইছলামৰ পৰা আঁতৰাই নানিব। অথচ আল্লাহে কাফিৰসকলৰ ষড়যন্ত্ৰ কেতিয়াও সফল হ'বলৈ নিদিয়ে।

• الإيمان بالله تعالى، والهجرة إليه، والجهاد في سبيله؛ أعظم الوسائل التي ينال بها المرء رحمة الله ومغفرته.
আল্লাহৰ প্ৰতি ঈমান, তেওঁৰ পিনে হিজৰত আৰু তেওঁৰ পথত জিহাদ কৰা হৈছে আল্লাহৰ কৃপা আৰু ক্ষমা প্ৰাপ্তিৰ মহত্বপূৰ্ণ মাধ্যম।

• حرّمت الشريعة كل ما فيه ضرر غالب وإن كان فيه بعض المنافع؛ مراعاة لمصلحة العباد.
চৰীয়তে মানুহৰ কল্যাণৰ ফালে লক্ষ্য কৰি প্ৰত্যেক সেই বস্তু হাৰাম কৰি দিছে যিটোত ক্ষতিৰ আশংকা বেছি যদিও সেই বস্তুত অকণমান উপকাৰ থাকিব পাৰে।

 
የይዘት ትርጉም አንቀጽ: (217) ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት