Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (232) ምዕራፍ: አል-በቀራህ
وَاِذَا طَلَّقْتُمُ النِّسَآءَ فَبَلَغْنَ اَجَلَهُنَّ فَلَا تَعْضُلُوْهُنَّ اَنْ یَّنْكِحْنَ اَزْوَاجَهُنَّ اِذَا تَرَاضَوْا بَیْنَهُمْ بِالْمَعْرُوْفِ ؕ— ذٰلِكَ یُوْعَظُ بِهٖ مَنْ كَانَ مِنْكُمْ یُؤْمِنُ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ— ذٰلِكُمْ اَزْكٰی لَكُمْ وَاَطْهَرُ ؕ— وَاللّٰهُ یَعْلَمُ وَاَنْتُمْ لَا تَعْلَمُوْنَ ۟
যেতিয়া তোমালোকে নিজৰ স্ত্ৰীক তিনিটাতকৈ কম তালাক দিয়া আৰু সিহঁতে ইদ্দতৰ সময় সম্পূৰ্ণ কৰে; তাৰ পাছত সিহঁতে যদি আকৌ নতুনকৈ বিবাহ পাতি স্বামীৰ ওচৰত পুনৰ উভতি যাব বিচাৰে লগতে স্বামী স্ত্ৰী উভয়ে যদি এই সিদ্ধান্তত সহমত পোষণ কৰে তেন্তে অভিভাৱকসকলে এনে কৰাত বাধা দিয়া উচিত নহয়। এই আদেশ সেইসকল অভিভাৱকক দিয়া হৈছে যিসকলে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে। এনে কৰিলে তোমালোকৰ মাজত সত্কৰ্ম বৃদ্ধি পাব লগতে তোমালোকৰ সন্মান আৰু আমল অধিক পৱিত্ৰ থাকিব। নিশ্চয় আল্লাহ সকলো কৰ্মৰ বাস্তৱতা আৰু পৰিণাম সম্পৰ্কে অৱগত, আনহাতে তোমালোকে এই বিষয়ে একো নাজানা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• نهي الرجال عن ظلم النساء سواء كان بِعَضْلِ مَوْلِيَّتِه عن الزواج، أو إجبارها على ما لا تريد.
পুৰুষসকলক নাৰীসকলৰ ওপৰত অন্যায় কৰিবলৈ নিষেধ কৰা হৈছে। সেই অন্যায় নিজৰ অধীনত থকা নাৰীক বিবাহ নিদিয়া ক্ষেত্ৰত হওঁক অথবা তাইক তাইৰ ইচ্ছাৰ বিৰুদ্ধে বাধ্য কৰোৱাৰ ক্ষেত্ৰত হওঁক।

• حَفِظَ الشرع للأم حق الرضاع، وإن كانت مطلقة من زوجها، وعليه أن ينفق عليها ما دامت ترضع ولده.
চৰীয়তে মাকৰ বাবে স্তন্য পান কৰোৱাৰ অধিকাৰ সুৰক্ষিত কৰিছে। যদিও তাই তালাকপ্ৰাপ্তা নহওঁক কিয়। স্তন্যপান সময়ছোৱাৰ সকলো খৰচ শিশুৰ পিতৃয়ে বহন কৰিব।

• نهى الله تعالى الزوجين عن اتخاذ الأولاد وسيلة يقصد بها أحدهما الإضرار بالآخر.
আল্লাহে স্বামী স্ত্ৰীক নিষেধ কৰিছে যে, সিহঁতে যেন ইজনে সিজনক ক্ষতি কৰাৰ উদ্দেশ্যে শিশুক মাধ্যম হিচাপে ব্যৱহাৰ নকৰে।

• الحث على أن تكون كل الشؤون المتعلقة بالحياة الزوجية مبنية على التشاور والتراضي بين الزوجين.
দাম্পত্তি জীৱনৰ সকলো বিষয় পৰস্পৰ পৰামৰ্শ আৰু সহমতৰ মাধ্যমত মীমাংসা কৰিবলৈ উদ্বুদ্ধ কৰিছে।

 
የይዘት ትርጉም አንቀጽ: (232) ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት