Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (235) ምዕራፍ: አል-በቀራህ
وَلَا جُنَاحَ عَلَیْكُمْ فِیْمَا عَرَّضْتُمْ بِهٖ مِنْ خِطْبَةِ النِّسَآءِ اَوْ اَكْنَنْتُمْ فِیْۤ اَنْفُسِكُمْ ؕ— عَلِمَ اللّٰهُ اَنَّكُمْ سَتَذْكُرُوْنَهُنَّ وَلٰكِنْ لَّا تُوَاعِدُوْهُنَّ سِرًّا اِلَّاۤ اَنْ تَقُوْلُوْا قَوْلًا مَّعْرُوْفًا ؕ۬— وَلَا تَعْزِمُوْا عُقْدَةَ النِّكَاحِ حَتّٰی یَبْلُغَ الْكِتٰبُ اَجَلَهٗ ؕ— وَاعْلَمُوْۤا اَنَّ اللّٰهَ یَعْلَمُ مَا فِیْۤ اَنْفُسِكُمْ فَاحْذَرُوْهُ ۚ— وَاعْلَمُوْۤا اَنَّ اللّٰهَ غَفُوْرٌ حَلِیْمٌ ۟۠
যাৰ স্বামী মৃত্যুবৰণ কৰিছে অথবা যিয়ে তালাক বাইন প্ৰাপ্তা হৈছে তাইৰ ওচৰত সংকেতৰ জৰিয়তে বিবাহৰ ইচ্ছা প্ৰকাশ কৰাত তোমালোকৰ কোনো গুনাহ নহয় কিন্তু স্পষ্টভাৱে প্ৰকাশ কৰা নিষেধ। যেনে- এইদৰে কোৱা যে, যেতিয়া তোমাৰ ইদ্দত শেষ হব তেতিয়া মোক জনাবা। এইদৰে ইদ্দত পালনকাৰী স্ত্ৰীৰ ইদ্দত পূৰণ হোৱাৰ পিছত বিবাহৰ ইচ্ছা মনত পুহি ৰখাটোও কোনো দোষণীয় নহয়। আল্লাহে জানে যে, তাইক পোৱাৰ বাবে নিশ্চয় তোমালোকৰ মনত প্ৰতিচ্ছবি ভাহিঁ উঠিব। এতেকে আল্লাহে স্পষ্টভাৱে নহলেও ইঙ্গিতেৰে ইচ্ছা প্ৰকাশ কৰাৰ অনুমতি দিছে। কিন্তু ইদ্দতৰ সময়ছোৱাত গোপনে সাক্ষাৎ কৰি বিবাহৰ প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকা। অথচ সৎভাৱে অৰ্থাৎ ইঙ্গিতেৰে বিবাহৰ প্ৰস্তাৱ দিয়াত কোনো ক্ষতি নাই, কিন্তু ইদ্দতৰ সময়ত বিবাহৰ বিষয়টো নিশ্চিত নকৰিবা। জানি থোৱা! আল্লাহে তোমালোকৰ অন্তৰৰ ভাল বেয়া সকলো বিষয় জানে। গতিকে তেওঁক ভয় কৰা, আৰু তেওঁৰ আদেশ উলঙ্ঘা নকৰিবা। জানি থোৱা! আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু সহনশীল, তেওঁ শাস্তি প্ৰদানত খৰধৰ নকৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مشروعية العِدة على من توفي عنها زوجها بأن تمتنع عن الزينة والزواج مدة أربعة أشهر وعشرة أيام.
স্বামী মৃত্যুবৰণ কৰা নাৰীয়ে চাৰি মাহ দহ দিন ইদ্দত পালন কৰিব লাগিব। এই সময়ছোৱাত সেই নাৰীয়ে সৌন্দৰ্যৰ বস্তু আৰু বিবাহৰ পৰা নিজকে দূৰৈত ৰাখিব।

• معرفة المؤمن باطلاع الله عليه تَحْمِلُه على الحذر منه تعالى والوقوف عند حدوده.
মুমিনসকলে বিশ্বাস কৰে যে আল্লাহে সিহঁতৰ সকলো কৰ্ম সম্পৰ্কে অৱগত, তেওঁলোকৰ এই বিশ্বাসে তেওঁলোকক আল্লাহৰ ভয় আৰু তেওঁৰ সীমাৰেখা অতিক্ৰম কৰিবলৈ প্ৰতিৰোধ কৰে।

• الحث على المعاملة بالمعروف بين الأزواج والأقارب، وأن يكون العفو والمسامحة أساس تعاملهم فيما بينهم.
স্বামী স্ত্ৰী আৰু আত্মীয় স্বজনৰ মাজত সদ্ব্যৱহাৰ কৰিবলৈ উদ্বুদ্ধ কৰিছে। লগতে ক্ষমা আৰু মাৰ্জনা সিহঁতৰ পৰস্পৰ ব্যৱহাৰৰ মূল হোৱা উচিত।

 
የይዘት ትርጉም አንቀጽ: (235) ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት