Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (240) ምዕራፍ: አል-በቀራህ
وَالَّذِیْنَ یُتَوَفَّوْنَ مِنْكُمْ وَیَذَرُوْنَ اَزْوَاجًا ۖۚ— وَّصِیَّةً لِّاَزْوَاجِهِمْ مَّتَاعًا اِلَی الْحَوْلِ غَیْرَ اِخْرَاجٍ ۚ— فَاِنْ خَرَجْنَ فَلَا جُنَاحَ عَلَیْكُمْ فِیْ مَا فَعَلْنَ فِیْۤ اَنْفُسِهِنَّ مِنْ مَّعْرُوْفٍ ؕ— وَاللّٰهُ عَزِیْزٌ حَكِیْمٌ ۟
তোমালোকৰ মাজত যিয়ে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতে স্ত্ৰীৰ বাবে অছিয়ত কৰি যোৱা আৱশ্যক যে, তাৰ মৃত্যুৰ পিছত যাতে স্ত্ৰীক এবছৰ লৈকে ঘৰত থাকিব দিয়ে। লগতে সম্পূৰ্ণ এবছৰৰ খৰচ বহন কৰিব লাগিব আৰু উত্তৰাধিকাৰীসকলেও সিহঁতক ঘৰৰ পৰা উলিয়াব নোৱাৰিব। এনেকুৱা আদেশ সিহঁতৰ দুখ হ্ৰাস কৰাৰ উদ্দেশ্যে আৰু মৃত ব্যক্তিৰ লগত আনুগত্য পূৰণ কৰা বাবে দিয়া হৈছে। যদি সিহঁতে এবছৰ পূৰ্ণ হোৱাৰ আগতে স্ব-ইচ্ছা ঘৰৰ পৰা ওলাই যায় তেন্তে তোমালোকৰ কোনো দোষ নাই, লগতে সিহঁতে সৌন্দৰ্যৰ বস্তু আৰু সুগন্ধি ব্যৱহাৰ কৰাতো কোনো অসুবিধা নাই। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। তেওঁ পৰিমাণ, নিয়ন্ত্ৰণ আৰু বিধান প্ৰস্তুত কৰাত প্ৰজ্ঞাৱান। সাধাৰণ তাফছীৰবিদ সকলৰ মতে এই আয়াতটো আল্লাহৰ এই বাণীৰ দ্বাৰা ৰহিত হৈছেঃ আৰু তোমালোকৰ মাজত যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতে (স্ত্ৰীসকলে) চাৰি মাহ দহ দিন অপেক্ষা কৰিব। তাৰ পিছত যেতিয়া সিহঁতে নিজৰ ইদ্দতকাল পূৰ্ণ কৰিব, তেতিয়া বিধি মুতাবিক নিজৰ বাবে যি কৰিব তাত তোমালোকৰ কোনো পাপ নাই; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত। (ছুৰা আল-বাক্বাৰাহঃ ২৩৪)
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الحث على المحافظة على الصلاة وأدائها تامة الأركان والشروط، فإن شق عليه صلَّى على ما تيسر له من الحال.
ছালাতক ইয়াৰ আৰকান আৰু চৰ্তৰ সৈতে আদায় কৰাৰ প্ৰতি উদ্বুদ্ধ কৰিছে। যদি এনেকৈ আদায় কৰাত কোনো অসুবিধাৰ সন্মুখীন হয় তেন্তে যিদৰে আদায় কৰা সম্ভৱ হয় সেইদৰেই আদায় কৰিব।

• رحمة الله تعالى بعباده ظاهرة، فقد بين لهم آياته أتم بيان للإفادة منها.
এই কথা স্পষ্ট যে, আল্লাহ তেওঁৰ বান্দাৰ প্ৰতি কৃপাশীল। কিয়নো তেওঁ বান্দাসকলৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰিছে। যাতে বান্দাসকলে ইয়াৰ পৰা উপকৃত হব পাৰে।

• أن الله تعالى قد يبتلي بعض عباده فيضيِّق عليهم الرزق، ويبتلي آخرين بسعة الرزق، وله في ذلك الحكمة البالغة.
আল্লাহে তেওঁৰ বান্দাক পৰীক্ষা কৰাৰ উদ্দেশ্যে তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে আনহাতে কিছুমানক পৰীক্ষা কৰাৰ বাবে জীৱিকা বৃদ্ধি কৰি দিয়ে। ইয়াৰ মাজত তেওঁৰ হিকমত নিহিত আছে।

 
የይዘት ትርጉም አንቀጽ: (240) ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት