የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
276 : 2

یَمْحَقُ اللّٰهُ الرِّبٰوا وَیُرْبِی الصَّدَقٰتِ ؕ— وَاللّٰهُ لَا یُحِبُّ كُلَّ كَفَّارٍ اَثِیْمٍ ۟

আল্লাহে সুতৰ ধন বিনষ্ট কৰি দিয়ে, প্ৰকাশ্যভাৱে বিনষ্ট কৰে অথবা বৰকত উঠাই লয়। আনহাতে চাদাকাৰ ছোৱাব কেই গুণ বৃদ্ধি কৰি দিয়ে। এতেকে এটা নেকীৰ বৃদ্ধি দহৰ পৰা সাত শ গুণ পৰ্যন্ত বা তাতোকৈ বেছি কৰি দিয়ে লগতে দানকাৰীৰ সম্পত্তিত বৰকত দিয়ে। আল্লাহে বিৰুদ্ধাচাৰী কাফিৰক, হাৰামক হালাল বুলি ভৱা ব্যক্তিক লগতে পাপ কৰ্মত লিপ্ত থকা ব্যক্তিক ভাল নাপায়। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من أعظم الكبائر أكل الربا، ولهذا توعد الله تعالى آكله بالحرب وبالمحق في الدنيا والتخبط في الآخرة.
ডাঙৰ গুনাহৰ এটা অন্যতম গুনাহ হৈছে সুতৰ লেনদেন। সেয়ে আল্লাহে সুত খোৱা ব্যক্তিৰ লগত যুদ্ধ তথা পৃথিৱীত আৰ্থিক বিনাশ আৰু আখিৰাতত বলীয়া হ'ব বুলি সতৰ্ক কৰিছে। info

• الالتزام بأحكام الشرع في المعاملات المالية ينزل البركة والنماء فيها.
আৰ্থিক বিষয়ত চৰীয়তৰ আদেশ পালন কৰিলে ধন-সম্পত্তিত বৰকত হয়। info

• فضل الصبر على المعسر، والتخفيف عنه بالتصدق عليه ببعض الدَّين أو كله.
আৰ্থিকভাৱে অচল ব্যক্তিক ঋণ পৰিশোধ কৰাৰ দাবীৰ ক্ষেত্ৰত ধৈৰ্য ধৰিবলৈ কোৱা হৈছে লগতে সম্পূৰ্ণ ঋণ অথবা আংশিক ঋণ ক্ষমা কৰি দিয়াৰ ফজিলত বৰ্ণনা কৰা হৈছে। info