Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (286) ምዕራፍ: አል-በቀራህ
لَا یُكَلِّفُ اللّٰهُ نَفْسًا اِلَّا وُسْعَهَا ؕ— لَهَا مَا كَسَبَتْ وَعَلَیْهَا مَا اكْتَسَبَتْ ؕ— رَبَّنَا لَا تُؤَاخِذْنَاۤ اِنْ نَّسِیْنَاۤ اَوْ اَخْطَاْنَا ۚ— رَبَّنَا وَلَا تَحْمِلْ عَلَیْنَاۤ اِصْرًا كَمَا حَمَلْتَهٗ عَلَی الَّذِیْنَ مِنْ قَبْلِنَا ۚ— رَبَّنَا وَلَا تُحَمِّلْنَا مَا لَا طَاقَةَ لَنَا بِهٖ ۚ— وَاعْفُ عَنَّا ۥ— وَاغْفِرْ لَنَا ۥ— وَارْحَمْنَا ۥ— اَنْتَ مَوْلٰىنَا فَانْصُرْنَا عَلَی الْقَوْمِ الْكٰفِرِیْنَ ۟۠
আল্লাহে কোনো প্ৰাণীৰ ওপৰত এনেকুৱা কৰ্মৰ বোজা অৰ্পন নকৰে যিটো তাৰ সহনশক্তিতকৈ অধিক। কাৰণ আল্লাহৰ দ্বীন সৰলতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু ইয়াত কোনো কঠোৰতা নাই। এতেকে যিয়ে ভাল কাম কৰিব সি ভাল ফলাফল লাভ কৰিব আৰু তাৰ পৰা অলপো হ্ৰাস কৰা নহব। আনহাতে যিয়ে বেয়া কৰ্ম কৰিব, সি তাৰ গুনাহৰ শাস্তি ভোগ কৰিব, আন কোনেও তাৰ এই বোজা বহন নকৰিব। ৰাছুল আৰু মুমিনসকলে কয়, হে আমাৰ প্ৰতিপালক! যদি আমি পাহৰি যাওঁ, অথবা আমাৰ কথা বা কৰ্মৰ জৰিয়তে যদি অজানিতে কোনো ভুল হয় তেন্তে আমাক শাস্তি নিবিহিবা। লগতে আমাৰ ওপৰত এনেকুৱা বোজা নিদিবা যিটো বহন কৰাৰ ক্ষমতা আমাৰ নাই। যেনেকুৱা বোজা তুমি আমাৰ পূৰ্বে ইয়াহুদীসকলক সিহঁতৰ অত্যাচাৰৰ কাৰণে শাস্তিস্বৰূপে অৰ্পন কৰিছিলা। আৰু আমাৰ ওপৰত এনেকুৱা কোনো আদেশ-নিষেধৰ বোজা নিদিবা যিটো আমাৰ বাবে কঠিন আৰু আমাৰ সাধ্যাতীত। আমাৰ গুনাহসমূহক আওকাণ কৰা, আমাক ক্ষমা কৰা, আমাৰ প্ৰতি দয়া কৰা। তুমিয়ে আমাৰ সংৰক্ষক আৰু সহায়ক। এতেকে কাফিৰৰ বিৰুদ্ধে তুমি আমাক সহায় কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• جواز أخذ الرهن لضمان الحقوق في حال عدم القدرة على توثيق الحق، إلا إذا وَثِقَ المتعاملون بعضهم ببعض.
বুজা গল যে, অধিকাৰৰ নথিপত্ৰ প্ৰস্তুত কৰিবলৈ সুবিধা নাথাকিলে অধিকাৰৰ প্ৰমাণস্বৰূপে কোনো বস্তু বন্ধকত থোৱা বৈধ। কিন্তু যদি লেনদেনকাৰীয়ে পৰস্পৰক ভৰসা কৰিব পাৰে তেন্তে বন্ধকৰ কোনো প্ৰয়োজন নাই।

• حرمة كتمان الشهادة وإثم من يكتمها ولا يؤديها.
আৰু বুজা গল, সাক্ষ্য গোপন কৰা পাপ তথা যিয়ে সাক্ষ্য গোপন কৰিব সি গুনাহগাৰ হ'ব।

• كمال علم الله تعالى واطلاعه على خلقه، وقدرته التامة على حسابهم على ما اكتسبوا من أعمال.
লগতে বুজা গল, আল্লাহ তাআলাহ তেওঁৰ সৃষ্টি সম্পৰ্কে সম্যক অৱগত আৰু সিহঁতৰ কৰ্মৰ হিচাপ গ্ৰহণত সম্পূৰ্ণ ক্ষমতাশীল।

• تقرير أركان الإيمان وبيان أصوله.
ঈমানৰ আৰকান আৰু ইয়াৰ মৌলিক বিষয়বোৰৰ বৰ্ণনা

• قام هذا الدين على اليسر ورفع الحرج والمشقة عن العباد، فلا يكلفهم الله إلا ما يطيقون، ولا يحاسبهم على ما لا يستطيعون.
এই দ্বীন সৰলতা আৰু বান্দাৰ পৰা কঠোৰতা দূৰ কৰাৰ ওপৰত প্ৰতিষ্ঠিত। সেয়ে আল্লাহে সিহঁতৰ ওপৰত এনেকুৱা কোনো বোজা অৰ্পন নকৰে যিটো সিহঁতৰ ক্ষমতাৰ বাহিৰত। এইদৰে বান্দাৰ সেইসমূহ বিষয়ৰো কোনো হিচাপ লোৱা নহ'ব যিটো সিহঁতৰ সাধ্যাতীত।

 
የይዘት ትርጉም አንቀጽ: (286) ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት