የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
97 : 20

قَالَ فَاذْهَبْ فَاِنَّ لَكَ فِی الْحَیٰوةِ اَنْ تَقُوْلَ لَا مِسَاسَ ۪— وَاِنَّ لَكَ مَوْعِدًا لَّنْ تُخْلَفَهٗ ۚ— وَانْظُرْ اِلٰۤی اِلٰهِكَ الَّذِیْ ظَلْتَ عَلَیْهِ عَاكِفًا ؕ— لَنُحَرِّقَنَّهٗ ثُمَّ لَنَنْسِفَنَّهٗ فِی الْیَمِّ نَسْفًا ۟

মূছা আলাইহিচ্ছালামে ছামেৰীক ক'লেঃ তুমি ইয়াৰ পৰা ওলাই যোৱা, তোমাৰ শাস্তি হৈছে ওৰে জীৱন এইটো কৈ থাকিবা, “মই কাকো স্পৰ্শ নকৰোঁ, কোনেও যেন মোক স্পৰ্শ নকৰে”। আছুতীয়াকৈ জীৱন-যাপন কৰিবা। তথা কিয়ামতৰ দিনা তোমাৰ বাবে আছে এটা প্ৰতিশ্ৰুতি, সেইদিনা তোমাৰ হিচাপ হ'ব আৰু শাস্তি প্ৰদান কৰা হ'ব। আল্লাহে এই প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰিব। তুমি তোমাৰ এই দামুৰিটোৰ পিনে চোৱা, যাক তুমি আল্লাহৰ বাহিৰে উপাস্য বুলি গ্ৰহণ কৰি ইবাদত কৰিছিলা। আমি ইয়াক অগ্নিত নিক্ষেপ কৰিম, অৱশেষত ই গলি তৰল হৈ যাব। তেতিয়া আমি ইয়াক সাগৰত নিক্ষেপ কৰিম, যাতে ইয়াৰ কোনো চিহ্ন অৱশিষ্ট নাথাকে। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• خداع الناس بتزوير الحقائق مسلك أهل الضلال.
পাকে প্ৰকাৰে বাস্তাৱতাক গোপন কৰি মানুহক প্ৰতাৰণা কৰাটো পথভ্ৰষ্ট লোকৰ আচৰণ। info

• الغضب المحمود هو الذي يكون عند انتهاكِ محارم الله.
আল্লাহে হাৰাম কৰা সীমাৰেখা অতিক্ৰম কৰাৰ ক্ষেত্ৰত হোৱা ক্ৰোধ অতি প্ৰশংসনীয়। info

• في الآيات أصل في نفي أهل البدع والمعاصي وهجرانهم، وألا يُخَالَطوا.
উক্ত আয়াতবোৰত বিদআতী আৰু গুনাহগাৰ লোকৰ পৰা দূৰত্ব অৱলম্বন কৰাৰ তথা সিহঁতৰ লগত অন্তৰঙ্গ সম্পৰ্কৰ পৰা বিৰত থকাৰ প্ৰমাণ পোৱা যায়। info

• في الآيات وجوب التفكر في معرفة الله تعالى من خلال مفعولاته في الكون.
উক্ত আয়াতবোৰে প্ৰমাণ কৰে যে, পৱিত্ৰ আল্লাহক অধিক জানিবলৈ বিশ্বজগতৰ বিভিন্ন প্ৰান্তত থকা তেওঁৰ নিখুঁত কৰ্মৰাজীৰ প্ৰতি চিন্তা-চৰ্চা তথা গৱেষণা কৰা উচিত। info