የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
34 : 21

وَمَا جَعَلْنَا لِبَشَرٍ مِّنْ قَبْلِكَ الْخُلْدَ ؕ— اَفَاۡىِٕنْ مِّتَّ فَهُمُ الْخٰلِدُوْنَ ۟

হে ৰাছুল! আপোনাৰ পূৰ্বে আগমন কৰা আমি কোনো ৰাছুলকেই অমৰত্ব দান কৰা নাই। এতেকে যদি আপোনাৰ জীৱনৰ সমাপ্তি ঘটে তথা আপুনি মৃত্যুবৰণ কৰে তেন্তে এইসকল লোকে আপোনাৰ পিছত অমৰত্ব লাভ কৰিব নেকি? নহয়, কদাপিও নহয়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تنزيه الله عن الولد.
আল্লাহ সন্তানাদি গ্ৰহণৰ পৰা পৱিত্ৰ। info

• منزلة الملائكة عند الله أنهم عباد خلقهم لطاعته، لا يوصفون بالذكورة ولا الأنوثة، بل عباد مكرمون.
আল্লাহৰ ওচৰত ফিৰিস্তাসকলৰ মৰ্যাদা হৈছে এই যে, তেওঁলোক হৈছে আল্লাহৰ বান্দা। আল্লাহে তেওঁলোকক নিজৰ ইবাদতৰ বাবে সৃষ্টি কৰিছে। তেওঁলোকক নৰ অথবা নাৰী বুলি কোৱা অনুচিত। বৰং তেওঁলোক হৈছে আল্লাহৰ সন্মানিত বান্দা। info

• خُلِقت السماوات والأرض وفق سُنَّة التدرج، فقد خُلِقتا مُلْتزِقتين، ثم فُصِل بينهما.
আকাশমণ্ডল আৰু পৃথিৱীক আল্লাহে তেওঁৰ সাধাৰণ নিয়মানুযায়ী অৰ্থাৎ লাহে ধীৰে সৃষ্টি কৰিছে। এতেকে প্ৰথমে উভয়ক মিলিত অৱস্থাত সৃষ্টি কৰিছে, তাৰ পিছত পৃথক কৰি দিছে। info

• الابتلاء كما يكون بالشر يكون بالخير.
পৰখ তথা পৰীক্ষা বিপদ-আপদৰ লগতে কল্যাণৰ দ্বাৰাও কৰা হয়। info