የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
28 : 22

لِّیَشْهَدُوْا مَنَافِعَ لَهُمْ وَیَذْكُرُوا اسْمَ اللّٰهِ فِیْۤ اَیَّامٍ مَّعْلُوْمٰتٍ عَلٰی مَا رَزَقَهُمْ مِّنْ بَهِیْمَةِ الْاَنْعَامِ ۚ— فَكُلُوْا مِنْهَا وَاَطْعِمُوا الْبَآىِٕسَ الْفَقِیْرَ ۟ؗ

যাতে তেওঁলোকে মাগফিৰাত লাভ কৰিবলৈ আৰু ছোৱাব অৰ্জন কৰিবলৈ, লগতে মুছলিমসকলৰ মাজত একতা বৃদ্ধি কৰিবলৈ উপস্থিত হয়। যাতে তেওঁলোকে নিৰ্দিষ্ট দিনসমূহত অৰ্থাৎ জিল-হিজ্জা মাহৰ দশম তাৰিখ আৰু ইয়াৰ পিছৰ তিনিদিনত হ'বলগীয়া কোৰবানীৰ পশু জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লয়। আৰু আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত, কিয়নো তেৱেঁই উট, গৰু আৰু ছাগলী আদি চতুষ্পদ জন্তু প্ৰদান কৰিছে। তোমালোকে এই কোৰবানীৰ মাংস নিজে খোৱা আৰু দুখীয়া, নিচলা, দৰিদ্ৰসকলক খুউৱা। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• حرمة البيت الحرام تقتضي الاحتياط من المعاصي فيه أكثر من غيره.
আল্লাহৰ পৱিত্ৰ ঘৰ কাবাৰ সন্মান কৰি তথা আন আন ঠাইৰ তুলনাত সেই ঠাইত বিশেষকৈ গুনাহৰ কৰ্মৰ পৰা সতৰ্ক থকা উচিত। info

• بيت الله الحرام مهوى أفئدة المؤمنين في كل زمان ومكان.
আল্লাহৰ পৱিত্ৰ ঘৰ কাবা, প্ৰত্যেক যুগতে, সকলো ঠাইৰ মুমিনসকলৰ বাবে আন্তৰিক আকৰ্ষণ হিচাপে পৰিগণিত হৈ আহিছে। info

• منافع الحج عائدة إلى الناس سواء الدنيوية أو الأخروية.
হজ্জৰ যি উপকাৰ সেয়া মানুহে অৱশ্যে লাভ কৰিব, এই পৃথিৱীতে হওক অথবা আখিৰাতত। info

• شكر النعم يقتضي العطف على الضعفاء.
নিয়ামতৰ কৃতজ্ঞতা আদায় কৰাৰ বাবে, দুৰ্বল লোকসকলৰ প্ৰতি দয়া কৰা অনিবাৰ্য। info