የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
36 : 22

وَالْبُدْنَ جَعَلْنٰهَا لَكُمْ مِّنْ شَعَآىِٕرِ اللّٰهِ لَكُمْ فِیْهَا خَیْرٌ ۖۗ— فَاذْكُرُوا اسْمَ اللّٰهِ عَلَیْهَا صَوَآفَّ ۚ— فَاِذَا وَجَبَتْ جُنُوْبُهَا فَكُلُوْا مِنْهَا وَاَطْعِمُوا الْقَانِعَ وَالْمُعْتَرَّ ؕ— كَذٰلِكَ سَخَّرْنٰهَا لَكُمْ لَعَلَّكُمْ تَشْكُرُوْنَ ۟

হাদীৰ বাবে নিৰ্ধাৰণ কৰা সেই উট আৰু গৰু যিবোৰক কাবাৰ পিনে লৈ যোৱা হয়, সেইবোৰক আমি তোমালোকৰ বাবে ধৰ্মৰ প্ৰতীক বনাই দিছোঁ। সেইবোৰৰ মাজত তোমালোকৰ বাবে পৃথিৱী আৰু আখিৰাতৰ উপকাৰ আছে। এতেকে সেই উট জবেহ কৰাৰ সময়ত, তাৰ এটা ভৰি বান্ধি তিনি ঠেঙৰ ওপৰত থিয় কৰাই বিছমিল্লাহ বুলি কৈ জবেহ কৰিবা। জবেহ কৰাৰ পিছত যেতিয়া মাটিত বাগৰি পৰিব, (হে কুৰবানীকাৰী ব্যক্তি!) তেতিয়া তোমালোকে তাৰ মাংস ভক্ষণ কৰা, আৰু সেইসকল দুখীয়াক দিয়া যিসকলে মানুহৰ আগত হাত প্ৰসাৰিত নকৰে, লগতে সেইসকল দুখীয়াকো দিয়া যিসকলে মানুহৰ ওচৰত বিচাৰি ফুৰে। এইদৰেই আমি সেই জন্তুবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ, যাতে তোমালোকে সেইবোৰক পৰিবহন হিচাপে ব্যৱহাৰ কৰিব পাৰা, লগতে সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ যাতে তোমালোকে আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ সেইবোৰক জবেহ কৰাৰ স্থানলৈ লৈ যাব পাৰা। আল্লাহে সেইবোৰক তোমালোকৰ অধীনস্থ কৰি দিয়াৰ বাবে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• ضَرْب المثل لتقريب الصور المعنوية بجعلها في ثوب حسي، مقصد تربوي عظيم.
অদৃশ্য বস্তু এটাক উদাহৰণৰ জৰিয়তে বুজাই দিয়াটো হৈছে প্ৰশিক্ষণৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য। info

• فضل التواضع.
বিনম্ৰতাৰ মহত্ব তথা শ্ৰেষ্ঠতা। info

• الإحسان سبب للسعادة.
পৰোপকাৰ হৈছে কল্যাণ অৰ্জনৰ উপায়। info

• الإيمان سبب لدفاع الله عن العبد ورعايته له.
ঈমানৰ কাৰণে আল্লাহে বান্দাক সুৰক্ষা প্ৰদান কৰে তথা তাৰ চোৱা-চিতা কৰে। info