የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
47 : 22

وَیَسْتَعْجِلُوْنَكَ بِالْعَذَابِ وَلَنْ یُّخْلِفَ اللّٰهُ وَعْدَهٗ ؕ— وَاِنَّ یَوْمًا عِنْدَ رَبِّكَ كَاَلْفِ سَنَةٍ مِّمَّا تَعُدُّوْنَ ۟

হে ৰাছুল! আপোনাৰ সম্প্ৰদায়ৰ লোকসকলক যেতিয়া অচিৰেই আহিবলগীয়া পৃথিৱীৰ শাস্তি আৰু পিছত হ'বলগীয়া আখিৰাতৰ শাস্তি সম্পৰ্কে সতৰ্ক কৰা হয়, তেতিয়া সিহঁতে সেই শাস্তি অতি শীঘ্ৰে আনিবলৈ আপোনাৰ ওচৰত দাবী জনায়, অথচ আল্লাহে সিহঁতৰ লগত যি প্ৰতিশ্ৰুতি কৰিছে, সেইটো তেওঁ কেতিয়াও ভঙ্গ নকৰিব। দৰাচলতে সেই পৰাজয়ো পাৰ্থিৱ জীৱনৰ এটা অংশ, যিটোৰ সন্মুখীন সিহঁত বদৰৰ যুদ্ধৰ দিনা হৈছিল। জানি থোৱা! আখিৰাতৰ শাস্তিৰ এদিন, পাৰ্থিৱ জীৱনৰ গণনা অনুযায়ী এহেজাৰ বছৰৰ সমান। কাৰণ তাত আছে অধিক কষ্ট। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• استدراج الظالم حتى يتمادى في ظلمه سُنَّة إلهية.
আল্লাহৰ সাধাৰণ নিয়ম হৈছে, তেওঁ অন্যায়কাৰীসকলক অৱকাশ দিয়ে; যাতে সিহঁতে সেই সময়ছোৱাত আৰু অধিক গুনাহ বৃদ্ধি কৰিব পাৰে। info

• حفظ الله لكتابه من التبديل والتحريف وصرف مكايد أعوان الشيطان عنه.
আল্লাহে তেওঁৰ কিতাবক বিকৃত, পৰিবৰ্তন আৰু পৰিবৰ্ধনৰ পৰা ৰক্ষা কৰে, লগতে তেওঁ ইয়াক চয়তানৰ সহায়কসকলৰ চক্ৰান্তৰ পৰা সুৰক্ষা প্ৰদান কৰে। info

• النفاق وقسوة القلوب مرضان قاتلان.
নিফাক আৰু অন্তৰৰ কঠোৰতা, এই দুটা হৈছে বিনাশকাৰী বেমাৰ। info

• الإيمان ثمرة للعلم، والخشوع والخضوع لأوامر الله ثمرة للإيمان.
ঈমান হৈছে জ্ঞানৰ ফল। আল্লাহৰ আদেশৰ সন্মুখত নত স্বীকাৰ কৰা আৰু বিনীত হোৱাটো হৈছে ঈমানৰ প্ৰতিফল। info