Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (5) ምዕራፍ: አል ሐጅ
یٰۤاَیُّهَا النَّاسُ اِنْ كُنْتُمْ فِیْ رَیْبٍ مِّنَ الْبَعْثِ فَاِنَّا خَلَقْنٰكُمْ مِّنْ تُرَابٍ ثُمَّ مِنْ نُّطْفَةٍ ثُمَّ مِنْ عَلَقَةٍ ثُمَّ مِنْ مُّضْغَةٍ مُّخَلَّقَةٍ وَّغَیْرِ مُخَلَّقَةٍ لِّنُبَیِّنَ لَكُمْ ؕ— وَنُقِرُّ فِی الْاَرْحَامِ مَا نَشَآءُ اِلٰۤی اَجَلٍ مُّسَمًّی ثُمَّ نُخْرِجُكُمْ طِفْلًا ثُمَّ لِتَبْلُغُوْۤا اَشُدَّكُمْ ۚ— وَمِنْكُمْ مَّنْ یُّتَوَفّٰی وَمِنْكُمْ مَّنْ یُّرَدُّ اِلٰۤی اَرْذَلِ الْعُمُرِ لِكَیْلَا یَعْلَمَ مِنْ بَعْدِ عِلْمٍ شَیْـًٔا ؕ— وَتَرَی الْاَرْضَ هَامِدَةً فَاِذَاۤ اَنْزَلْنَا عَلَیْهَا الْمَآءَ اهْتَزَّتْ وَرَبَتْ وَاَنْۢبَتَتْ مِنْ كُلِّ زَوْجٍ بَهِیْجٍ ۟
হে মানৱজাতি! মৃত্যুৰ পিছত হ'বলগীয়া পুনৰুত্থান সম্পৰ্কীয় মোৰ ক্ষমতা সম্পৰ্কে যদি তোমালোকে সন্দেহ কৰা তেন্তে নিজৰ সৃষ্টি সম্পৰ্কে ভাৱি চোৱা। নিশ্চয় আমি তোমাৰ আদি পিতা আদমক মাটিৰে সৃষ্টি কৰিছিলোঁ। তাৰ পিছত তেওঁৰ সন্তান-সন্ততিক শুক্ৰকীটৰ পৰা সৃষ্টি কৰিছিলোঁ, যিটোক পুৰুষে নাৰীৰ গৰ্ভাশয়ত নিক্ষেপ কৰে। পিছত সেই শুক্ৰকীট গোট খাই থকা ৰক্তত ৰূপান্তৰিত হয়। তাৰ পিছত সেই গোট খাই থকা ৰক্ত সৰু মাংসৰ টুকুৰালৈ ৰূপান্তৰিত হয়। তাৰ পিছত সেই মাংসৰ টুকুৰা পূৰ্ণ আকৃতি ধাৰণ কৰি গৰ্ভাশয়ত থাকে, যিটো অৱশেষত জীৱিত নৱজাতকৰ ৰূপত জন্ম লাভ কৰে। নাইবা অপূৰ্ণ আকৃতি ধাৰণ কৰি গৰ্ভপাত হৈ যায়। তোমালোকক বিভিন্ন স্তৰত সৃষ্টি কৰাৰ অৰ্থ হৈছে যাতে আমি তোমালোকক আমাৰ ক্ষমতা দেখুৱাব পাৰোঁ। আমি যিটো গৰ্ভক ইচ্ছা কৰোঁ, গৰ্ভাশয়ত স্থিত ৰাখোঁ। অৱশেষত নিৰ্ধাৰিত সময় অৰ্থাৎ ন মাহ পিছত সন্তান ভূমিষ্ঠ হয়। আমি তোমালোকক তোমালোকৰ মাতৃ-গৰ্ভৰ পৰা শিশু অৱস্থাত উলিয়াই আনো, তাৰ পিছত তোমালোকক সম্পূৰ্ণ শক্তি আৰু বিবেক-বুদ্ধি প্ৰদান কৰোঁ। তোমালোকৰ মাজৰ কিছুমানে ইয়াৰ পূৰ্বেই মৃত্যুবৰণ কৰে আৰু কিছুমানে অসহায় বৃদ্ধ বয়সলৈকে জীৱিত থাকে, যি সময়ত শক্তি-সামৰ্থ আৰু বিবেক-বুদ্ধি হ্ৰাস পায়। আনকি সিহঁতৰ অৱস্থা শিশুতকৈও অধিক অৱনতি ঘটে। যিবোৰ কথা শিকিছিল, সকলো পাহৰি যায়। ঠিক সেইদৰে, যিদৰে তোমালোকে ভূমিক শুকান দেখিবলৈ পোৱা, তাত কোনো উদ্ভিদ নাথাকে। ইয়াৰ পিছত তাত বৰষুণৰ পানী নামি আহে, ফলত উদ্ভিদ আদি গজালি মেলে। ওখ ওখ গছ-গছনি বৃদ্ধি পায়। লগতে বিভিন্ন প্ৰকাৰৰ সুন্দৰ সেউজীয়া দৃশ্য প্ৰকাশ পায়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب الاستعداد ليوم القيامة بزاد التقوى.
কিয়ামত দিৱসৰ বাবে তাক্বৱাৰ সম্বল প্ৰস্তুত কৰা অত্যন্ত জৰুৰী।

• شدة أهوال القيامة حيث تنسى المرضعة طفلها وتسقط الحامل حملها وتذهب عقول الناس.
কিয়ামত দিৱসৰ পৰিস্থিতি ইমান ভয়াৱহ হ'ব যে,সেইদিনা পিয়াহ খুউৱা তিৰোতাই নিজৰ কেঁচুৱাক পাহৰি যাব,আৰু গৰ্ভৱতীয়ে ভয়তে নিজৰ গৰ্ভপাত কৰিব আৰু মানুহে নিচাগ্ৰস্ত ব্যক্তিৰ দৰে বিবেক-বুদ্ধি হেৰুৱাই পেলাব।

• التدرج في الخلق سُنَّة إلهية.
পৰ্যায়ক্ৰমে সৃষ্টি কৰাটো আল্লাহৰ সাধাৰণ নিয়ম।

• دلالة الخلق الأول على إمكان البعث.
প্ৰথমবাৰ সৃষ্টি কৰাটোৱে প্ৰমাণ কৰে যে, তেওঁ পুনৰ সৃষ্টি কৰিবলৈ সক্ষম

• ظاهرة المطر وما يتبعها من إنبات الأرض دليل ملموس على بعث الأموات.
আকাশৰ পৰা পানী বৰ্ষণ কৰি উদ্ভিদ আদিৰে পৃথিৱীক সেউজীয়া কৰাটো, মৃত ব্যক্তিক পুনৰুত্থিত কৰাৰ স্পষ্ট প্ৰমাণ।

 
የይዘት ትርጉም አንቀጽ: (5) ምዕራፍ: አል ሐጅ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት