የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
52 : 22

وَمَاۤ اَرْسَلْنَا مِنْ قَبْلِكَ مِنْ رَّسُوْلٍ وَّلَا نَبِیٍّ اِلَّاۤ اِذَا تَمَنّٰۤی اَلْقَی الشَّیْطٰنُ فِیْۤ اُمْنِیَّتِهٖ ۚ— فَیَنْسَخُ اللّٰهُ مَا یُلْقِی الشَّیْطٰنُ ثُمَّ یُحْكِمُ اللّٰهُ اٰیٰتِهٖ ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟ۙ

হে ৰাছুল! আমি আপোনাৰ পূৰ্বেও ৰাছুল অথবা নবী প্ৰেৰণ কৰিছিলোঁ, যেতিয়া তেওঁলোকে আল্লাহৰ কিতাব পাঠ কৰিছিল, তেতিয়া চয়তানে তেওঁলোকৰ পাঠৰ মাজত এনেকুৱা বস্তু মিহলাই দিছিল, যিটোক মানুহে সন্দেহৰ বশৱৰ্তী হৈ আল্লাহৰ অহী বুলি ধাৰণা কৰিছিল। তেতিয়া আল্লাহে চয়তানৰ মিশ্ৰিত বাক্যক বাতিল কৰিছিল আৰু তেওঁৰ আয়াতসমূহক সত্য সাব্যস্ত কৰিছিল। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ, তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনা কৰাৰ ক্ষেত্ৰত মহাজ্ঞানী। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• استدراج الظالم حتى يتمادى في ظلمه سُنَّة إلهية.
আল্লাহৰ সাধাৰণ নিয়ম হৈছে, তেওঁ অন্যায়কাৰীসকলক অৱকাশ দিয়ে; যাতে সিহঁতে সেই সময়ছোৱাত আৰু অধিক গুনাহ বৃদ্ধি কৰিব পাৰে। info

• حفظ الله لكتابه من التبديل والتحريف وصرف مكايد أعوان الشيطان عنه.
আল্লাহে তেওঁৰ কিতাবক বিকৃত, পৰিবৰ্তন আৰু পৰিবৰ্ধনৰ পৰা ৰক্ষা কৰে, লগতে তেওঁ ইয়াক চয়তানৰ সহায়কসকলৰ চক্ৰান্তৰ পৰা সুৰক্ষা প্ৰদান কৰে। info

• النفاق وقسوة القلوب مرضان قاتلان.
নিফাক আৰু অন্তৰৰ কঠোৰতা, এই দুটা হৈছে বিনাশকাৰী বেমাৰ। info

• الإيمان ثمرة للعلم، والخشوع والخضوع لأوامر الله ثمرة للإيمان.
ঈমান হৈছে জ্ঞানৰ ফল। আল্লাহৰ আদেশৰ সন্মুখত নত স্বীকাৰ কৰা আৰু বিনীত হোৱাটো হৈছে ঈমানৰ প্ৰতিফল। info