የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
54 : 22

وَّلِیَعْلَمَ الَّذِیْنَ اُوْتُوا الْعِلْمَ اَنَّهُ الْحَقُّ مِنْ رَّبِّكَ فَیُؤْمِنُوْا بِهٖ فَتُخْبِتَ لَهٗ قُلُوْبُهُمْ ؕ— وَاِنَّ اللّٰهَ لَهَادِ الَّذِیْنَ اٰمَنُوْۤا اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟

যিসকল লোকক আল্লাহে জ্ঞান দান কৰিছে, তেওঁলোকে যাতে পতিয়ন যাব পাৰে যে, এই কোৰআন, যিখন মুহাম্মদৰ ওপৰত অৱতীৰ্ণ হৈছে সেইখনেই সত্য; হে ৰাছুল! যিখনক আল্লাহে আপোনাৰ প্ৰতি অহী কৰিছে। ইয়াৰ ফলত যাতে তেওঁলোকৰ অন্তৰ আৰু মজবুত হয়। তথা ইয়াৰ প্ৰতি তেওঁলোকৰ অন্তৰ যাতে কোমল হয় আৰু নত স্বীকাৰ কৰে। নিশ্চয় আল্লাহে সেইসকল লোকক তেওঁৰ প্ৰতি ঈমান আনিবলৈ হিদায়ত দিয়ে আৰু সত্যৰ সুপথ দেখুৱায়, যিপথত কোনো ধৰণৰ বক্ৰতা নাই। এই প্ৰতিদান দিয়াৰ কাৰণ হৈছে, তেওঁলোকে তেওঁৰ প্ৰতি নত স্বীকাৰ কৰিছে। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• استدراج الظالم حتى يتمادى في ظلمه سُنَّة إلهية.
আল্লাহৰ সাধাৰণ নিয়ম হৈছে, তেওঁ অন্যায়কাৰীসকলক অৱকাশ দিয়ে; যাতে সিহঁতে সেই সময়ছোৱাত আৰু অধিক গুনাহ বৃদ্ধি কৰিব পাৰে। info

• حفظ الله لكتابه من التبديل والتحريف وصرف مكايد أعوان الشيطان عنه.
আল্লাহে তেওঁৰ কিতাবক বিকৃত, পৰিবৰ্তন আৰু পৰিবৰ্ধনৰ পৰা ৰক্ষা কৰে, লগতে তেওঁ ইয়াক চয়তানৰ সহায়কসকলৰ চক্ৰান্তৰ পৰা সুৰক্ষা প্ৰদান কৰে। info

• النفاق وقسوة القلوب مرضان قاتلان.
নিফাক আৰু অন্তৰৰ কঠোৰতা, এই দুটা হৈছে বিনাশকাৰী বেমাৰ। info

• الإيمان ثمرة للعلم، والخشوع والخضوع لأوامر الله ثمرة للإيمان.
ঈমান হৈছে জ্ঞানৰ ফল। আল্লাহৰ আদেশৰ সন্মুখত নত স্বীকাৰ কৰা আৰু বিনীত হোৱাটো হৈছে ঈমানৰ প্ৰতিফল। info