የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
56 : 22

اَلْمُلْكُ یَوْمَىِٕذٍ لِّلّٰهِ ؕ— یَحْكُمُ بَیْنَهُمْ ؕ— فَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فِیْ جَنّٰتِ النَّعِیْمِ ۟

কিয়ামতৰ দিনা যেতিয়া সিহঁতৰ লগত কৰা প্ৰতিশ্ৰুত শাস্তি আহি পৰিব, তেতিয়া এইক্ষেত্ৰত সিহঁতৰ কোনো সহায়ক নাথাকিব, সেইদিনা কৰ্তৃত্ব একমাত্ৰ আল্লাহৰ হাতত থাকিব। তেৱেঁই মুমিন আৰু কাফিৰসকলৰ মাজত মীমাংসা কৰিব। সকলোৰে পক্ষে উপযুক্ত ন্যায় বিচাৰ কৰিব। এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান। অৰ্থাৎ তেওঁলোকৰ বাবে এনেকুৱা জান্নাতৰ উপহাৰ থাকিব, যিবোৰ কেতিয়াও শেষ নহ'ব। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• مكانة الهجرة في الإسلام وبيان فضلها.
ইছলামত হিজৰতৰ মহত্ব আৰু ইয়াৰ শ্ৰেষ্ঠতা। info

• جواز العقاب بالمثل.
প্ৰতিশোধ গ্ৰহণ কৰাৰ প্ৰমাণ। info

• نصر الله للمُعْتَدَى عليه يكون في الدنيا أو الآخرة.
নিৰ্যাতিত ব্যক্তিক আল্লাহে পৃথিৱী অথবা আখিৰাতত নিশ্চয় সহায় কৰিব। info

• إثبات الصفات العُلَا لله بما يليق بجلاله؛ كالعلم والسمع والبصر والعلو.
জ্ঞান, শ্ৰৱণ, দৃষ্টি আৰু সুউচ্চ আদি বৈশিষ্ট্য আল্লাহৰ আছে বুলি প্ৰমাণ পোৱা গ'ল। সকলো প্ৰকাৰ উচ্চ বৈশিষ্ট্যসমূহ একমাত্ৰ আল্লাহৰ বাবেই, তেওঁৰ ক্ষেত্ৰত সেইদৰেই প্ৰযোজ্য, যিদৰে তেওঁৰ বাবে উপযুক্ত। info