የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
27 : 25

وَیَوْمَ یَعَضُّ الظَّالِمُ عَلٰی یَدَیْهِ یَقُوْلُ یٰلَیْتَنِی اتَّخَذْتُ مَعَ الرَّسُوْلِ سَبِیْلًا ۟

হে ৰাছুল! সেই দিনটো স্মৰণ কৰক, যিদিনা অত্যাচাৰীসকলে ৰাছুলৰ অনুসৰণ ত্যাগ কৰাৰ কাৰণে অনুতপ্ত হৈ নিজৰ দুয়ো হাত কামুৰি ক’বঃ “হায় আফচোচ! ৰাছুলে নিজ প্ৰতিপালকৰ তৰফৰ পৰা যি লৈ আহিছিল, সেয়া যদি মই মানি ল'লোহেঁতেন তথা মুক্তিৰ পথ যদি অৱলম্বন কৰিলোহেঁতেন”। info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الكفر مانع من قبول الأعمال الصالحة.
সৎকৰ্ম কবূল হোৱাৰ ক্ষেত্ৰত কুফৰ হৈছে বাধাস্বৰূপ। info

• خطر قرناء السوء.
বেয়া সংস্পৰ্শৰ ভয়াৱহতা। info

• ضرر هجر القرآن.
কোৰআন পৰিত্যাগ কৰাৰ ক্ষতি। info

• من حِكَمِ تنزيل القرآن مُفَرّقًا طمأنة النبي صلى الله عليه وسلم وتيسير فهمه وحفظه والعمل به.
কোৰআনখনক সময়ে সময়ে অলপ অলপকৈ অৱতীৰ্ণ কৰাৰ এটা অন্যতম হিকমত হৈছে ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্তৰ দৃঢ় কৰা, লগতে ইয়াক বুজিবলৈ সহজ কৰা আৰু মুখস্থ কৰিবলৈ আৰু আমল কৰিবলৈ সুবিধা প্ৰদান কৰা। info