የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
84 : 27

حَتّٰۤی اِذَا جَآءُوْ قَالَ اَكَذَّبْتُمْ بِاٰیٰتِیْ وَلَمْ تُحِیْطُوْا بِهَا عِلْمًا اَمَّاذَا كُنْتُمْ تَعْمَلُوْنَ ۟

সিহঁতক খেদি লৈ যোৱা হ’ব, অৱশেষত সিহঁতে যেতিয়া হিচাপ-নিকাচৰ স্থানত গৈ উপস্থিত হ’ব, তেতিয়া আল্লাহে সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ তোমালোকে মোৰ আয়াতসমূহক কিয় অস্বীকাৰ কৰিছিলা, যিবোৰে মোৰ তাওহীদ প্ৰমাণ কৰিছিল আৰু সেইবোৰ মোৰ চৰীয়তৰ অন্তৰ্ভুক্ত আছিল। আনকি তোমালোকে সেইবোৰৰ বিষয়ে কোনো পৰীক্ষা নিৰীক্ষাও কৰা নাছিলা যে, যাৰ ভিত্তিত তোমালোকে সেইবোৰক অস্বীকাৰ কৰাটো উচিত বুলি ক’ব পাৰিবা; কোৱাচোন, প্ৰকৃততে তোমালোকে সেইবোৰক অস্বীকাৰ কৰিবলৈ আৰু বিশ্বাস কৰিবলৈ কিহৰ ওপৰত ভিত্তি কৰিছিলা? info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أهمية التوكل على الله.
আল্লাহৰ ওপৰত ভৰসা কৰাৰ গুৰুত্ব। info

• تزكية النبي صلى الله عليه وسلم بأنه على الحق الواضح.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে এই স্পষ্টীকৰণ যে, তেওঁ সত্যৰ ওপৰত প্ৰতিষ্ঠিত। info

• هداية التوفيق بيد الله، وليست بيد الرسول صلى الله عليه وسلم.
হিদায়ত প্ৰদানৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত, ৰাছুলৰ হাতত ইয়াৰ কোনো অধিকাৰ নাই। info

• دلالة النوم على الموت، والاستيقاظ على البعث.
টোপনিয়ে মৃত্যুক প্ৰমাণ কৰে, আৰু টোপনিৰ পৰা সাৰ পোৱাটোৱে পুনৰুত্থানক প্ৰমাণ কৰে। info