የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
93 : 27

وَقُلِ الْحَمْدُ لِلّٰهِ سَیُرِیْكُمْ اٰیٰتِهٖ فَتَعْرِفُوْنَهَا ؕ— وَمَا رَبُّكَ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟۠

হে ৰাছুল! আপুনি কৈ দিয়ক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, কাৰণ তেওঁ অসংখ্য অগণন নিয়ামত প্ৰদান কৰিছে। অচিৰেই আল্লাহে তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱাব, স্বয়ং তোমালোকৰ মাজত তথা আকাশ-পৃথিৱী আৰু জীৱিকাৰ মাজত। যিবোৰ নিদৰ্শন দেখিলে তোমালোকে অতি সহজেই চিনিব পাৰিবা আৰু সত্যক আঁকোৱালি লবলৈও সহজ হ’ব। তোমালোকে যিবোৰ কৰি আছা, এইবোৰৰ ক্ষেত্ৰত তোমালোকৰ প্ৰতিপালকক কেতিয়াও অমনোযোগী বুলি নাভাৱিবা। বৰং তেওঁ প্ৰতিটো বিষয় সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে। একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ অতিশীঘ্ৰে তোমালোকক ইয়াৰ প্ৰতিদান দিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الإيمان والعمل الصالح سببا النجاة من الفزع يوم القيامة.
ঈমান আৰু সৎকৰ্ম হৈছে কিয়ামতৰ দিনা ভয়-ভীতিৰ পৰা মুক্তি লাভ কৰাৰ উপায়। info

• الكفر والعصيان سبب في دخول النار.
কুফৰ আৰু পাপকৰ্ম হৈছে জাহান্নামত প্ৰৱেশৰ অন্যতম কাৰণ। info

• تحريم القتل والظلم والصيد في الحرم.
হৰমৰ সীমাৰেখাৰ ভিতৰত অন্যায়-অত্যাচাৰ আৰু হত্যা আদি সম্পূৰূপে নিষিদ্ধ। info

• النصر والتمكين عاقبة المؤمنين.
সহায় আৰু বিজয় লাভ কৰাটোৱে হৈছে মুমিনসকলৰ শেষ পৰিণতি। info