Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ቀሰስ   አንቀጽ:

আল-ক্বাচাচ

ከመዕራፉ ዓላማዎች:
سنة الله في تمكين المؤمنين المستضعفين وإهلاك الطغاة المستكبرين.
আল্লাহৰ নীতি হৈছে তেওঁ দুৰ্বল মুমিনসকলক প্ৰতিষ্ঠা কৰে, আৰু অহংকাৰী স্বৈৰাচাৰী পাপিষ্ঠবিলাকক ধ্বংস কৰে।

طٰسٓمّٓ ۟
(ত্ব-ছীন-মীম) ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত এইবোৰ আখৰৰ বিষয়ে আলোচনা কৰা হৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
تِلْكَ اٰیٰتُ الْكِتٰبِ الْمُبِیْنِ ۟
এইবোৰ হৈছে স্পষ্ট কোৰআনৰ আয়াত।
የአረብኛ ቁርኣን ማብራሪያ:
نَتْلُوْا عَلَیْكَ مِنْ نَّبَاِ مُوْسٰی وَفِرْعَوْنَ بِالْحَقِّ لِقَوْمٍ یُّؤْمِنُوْنَ ۟
আমি আপোনাক সত্য সহকাৰে মুছা আৰু ফিৰআউনৰ সংবাদ পাঠ কৰি শুনাই আছোঁ, য’ত কোনো ধৰণৰ সন্দেহ নাই; সেইসকল লোকৰ উদ্দেশ্যে যিসকলে ঈমান আনিছে। কাৰণ তেওঁলোকেই এনেকুৱা ঘটনাৰ দ্বাৰা উপকৃত হয়।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ فِرْعَوْنَ عَلَا فِی الْاَرْضِ وَجَعَلَ اَهْلَهَا شِیَعًا یَّسْتَضْعِفُ طَآىِٕفَةً مِّنْهُمْ یُذَبِّحُ اَبْنَآءَهُمْ وَیَسْتَحْیٖ نِسَآءَهُمْ ؕ— اِنَّهٗ كَانَ مِنَ الْمُفْسِدِیْنَ ۟
নিশ্চয় ফিৰআউনে মিচৰৰ ভূমিত উপদ্ৰৱ সৃষ্টি কৰিছিল, তথা তাত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। লগতে মিচৰৰ অধিবাসীসকলক বিভিন্ন গোটত বিভক্ত কৰিছিল। সেইবোৰৰ মাজৰ এটা গোটক অৰ্থাৎ বনী ইছৰাঈলক দুৰ্বল কৰি ৰাখিছিল। সিহঁতৰ মাজৰ পুৰুষসকলক হত্যা কৰিছিল আৰু নাৰীসকলক সিহঁতৰ সেৱা আগবঢ়োৱাৰ বাবে জীৱিত ৰাখিছিল, যাতে সেই গোত্ৰটোক অধিক অপমানিত কৰিব পৰা যায়। নিঃসন্দেহে ফিৰআউন আছিল এজন অত্যাচাৰী, বিদ্ৰূহী তথা অহংকাৰী ব্যক্তি, যিজনে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَنُرِیْدُ اَنْ نَّمُنَّ عَلَی الَّذِیْنَ اسْتُضْعِفُوْا فِی الْاَرْضِ وَنَجْعَلَهُمْ اَىِٕمَّةً وَّنَجْعَلَهُمُ الْوٰرِثِیْنَ ۟ۙ
মিচৰৰ ভূমিত বনী ইছৰাঈলক দুৰ্বল কৰি ৰখা ফিৰআউনক ধ্বংস কৰি তথা বনী ইছৰাঈলৰ দুৰ্বলতা আঁতৰাই তেওঁলোকক সত্যৰ প্ৰতিনিধি বনাই, মই মোৰ দয়াৰ পাত্ৰ বনাব বিচাৰিছিলোঁ। লগতে আমি ফিৰআউনক ধ্বংস কৰাৰ পিছত তেওঁলোকক বৰকতময় শ্বাম (ছিৰিয়া) দেশৰ উত্তৰাধিকাৰী বনাব বিচাৰিছিলোঁ। যেনেঃ আল্লাহ তাআলাই কৈছেঃ ﴿وَأَوْرَثْنَا الْقَوْمَ الَّذِينَ كَانُوا يُسْتَضْعَفُونَ مَشَارِقَ الأَرْضِ وَمَغَارِبَهَا الَّتِي بَارَكْنَا فِيهَاۖ...﴾অৰ্থাৎ যি সম্প্ৰদায়ক দুৰ্বল বুলি ভৱা হৈছিল সিহঁতক আমি আমাৰ কল্যাণপ্ৰাপ্ত সাম্ৰাজ্যৰ পূৱ আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিলোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الإيمان والعمل الصالح سببا النجاة من الفزع يوم القيامة.
ঈমান আৰু সৎকৰ্ম হৈছে কিয়ামতৰ দিনা ভয়-ভীতিৰ পৰা মুক্তি লাভ কৰাৰ উপায়।

• الكفر والعصيان سبب في دخول النار.
কুফৰ আৰু পাপকৰ্ম হৈছে জাহান্নামত প্ৰৱেশৰ অন্যতম কাৰণ।

• تحريم القتل والظلم والصيد في الحرم.
হৰমৰ সীমাৰেখাৰ ভিতৰত অন্যায়-অত্যাচাৰ আৰু হত্যা আদি সম্পূৰূপে নিষিদ্ধ।

• النصر والتمكين عاقبة المؤمنين.
সহায় আৰু বিজয় লাভ কৰাটোৱে হৈছে মুমিনসকলৰ শেষ পৰিণতি।

 
የይዘት ትርጉም ምዕራፍ: አል ቀሰስ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት