የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (38) ምዕራፍ: ሱረቱ አል ዐንከቡት
وَعَادًا وَّثَمُوْدَاۡ وَقَدْ تَّبَیَّنَ لَكُمْ مِّنْ مَّسٰكِنِهِمْ ۫— وَزَیَّنَ لَهُمُ الشَّیْطٰنُ اَعْمَالَهُمْ فَصَدَّهُمْ عَنِ السَّبِیْلِ وَكَانُوْا مُسْتَبْصِرِیْنَ ۟ۙ
এইদৰেই আমি হূদৰ সম্প্ৰদায় আদক, আৰু ছলেহৰ ছামূদ সম্প্ৰদায়কো ধ্বংস কৰিছোঁ। হে মক্কাৰ অধিবাসীসকল! তোমালোকে হাজাৰামউতৰ শ্বিহৰ নামক স্থানত আৰু হিজৰ নামক স্থানত সিহঁতৰ বাসস্থানৰ ধ্বংসাৱশেষ পাইছা, যিবোৰে সিহঁতৰ ধ্বংসৰ কৰুণ কাহিনী বৰ্ণনা কৰে। গতিকে সিহঁতৰ ভগ্নাৱশেষ গৃহবোৰেই হৈছে সিহঁতৰ ধ্বংসৰ প্ৰমাণ। দৰাচলতে সিহঁতে লিপ্ত হৈ থকা কুফৰী আৰু গুনাহৰ কৰ্মবোৰক চয়তানে সিহঁতৰ বাবে শোভনীয় কৰি দিছিল, আৰু সিহঁতক সঠিক পথৰ পৰা আঁতৰাই ৰাখিছিল। যদিও ৰাছুলসকলৰ শিক্ষাৰ ফলত সিহঁতে সত্য-অসত্য তথা সুপথ আৰু কুপথৰ মাজত পাৰ্থক্য কৰিব পৰা জ্ঞান লাভ কৰিছিল, তথাপিও সিহঁতে প্ৰবৃত্তিৰ অনুসৰণক হিদায়তৰ অনুসৰণৰ ওপৰত প্ৰাধান্য দিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• قوله تعالى:﴿ وَقَد تَّبَيَّنَ..﴾ تدل على معرفة العرب بمساكنهم وأخبارهم.
আল্লাহ তাআলাৰ এই বাণী (وَقَد تَّبَيَّنَ)ৰ দ্বাৰা প্ৰমাণিত হয় যে, আৰবীয়ানসকলে সিহঁতৰ ধ্বংসাৱশেষ ঘৰ-দুৱাৰ আৰু জনবসতিহীন অঞ্চল সম্পৰ্কে অৱগত আছিল।

• العلائق البشرية لا تنفع إلا مع الإيمان.
ঈমান অবিহনে আত্মীয়তাৰ সম্পৰ্কই কোনো উপকাৰ সাধন কৰিব নোৱাৰে।

• الحرص على أمن الضيوف وسلامتهم من الاعتداء عليهم.
অতিথিসকলৰ নিৰাপত্তা আৰু তেওঁলোকৰ শত্ৰুৰ পৰা তেওঁলোকক সুৰক্ষা প্ৰদান কৰাৰ আগ্ৰহ থকা বাঞ্চনীয়।

• منازل المُهْلَكين بالعذاب عبرة للمعتبرين.
শাস্তিৰ দ্বাৰা ধ্বংসস্তূপত পৰিণত হোৱা গৃহবোৰ, উপদেশ গ্ৰহণ কৰা লোকসকলৰ বাবে এটা উপদেশ।

• العلم بالحق لا ينفع مع اتباع الهوى وإيثاره على الهدى.
সত্যৰ জ্ঞান অৰ্জন কৰাৰ পিছতো প্ৰবৃত্তিৰ অনুসৰণক হিদায়তৰ ওপৰত প্ৰাধান্য দিলে, সেই জ্ঞানে একো উপকাৰ সাধন নকৰে।

 
የይዘት ትርጉም አንቀጽ: (38) ምዕራፍ: ሱረቱ አል ዐንከቡት
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት