የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
49 : 29

بَلْ هُوَ اٰیٰتٌۢ بَیِّنٰتٌ فِیْ صُدُوْرِ الَّذِیْنَ اُوْتُوا الْعِلْمَ ؕ— وَمَا یَجْحَدُ بِاٰیٰتِنَاۤ اِلَّا الظّٰلِمُوْنَ ۟

বৰং আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা এই কোৰআন হৈছে স্পষ্ট আয়াতসমূহৰ সমষ্টি, যিবোৰ সেইসকল মুমিনৰ অন্তৰত সুৰক্ষিত, যিসকলক জ্ঞান দান কৰা হৈছে। আমাৰ আয়াতসমূহক সেইসকল লোকেই অস্বীকাৰ কৰে, যিসকলে আল্লাহৰ লগত কুফৰী কৰি আৰু তেওঁৰ লগত শ্বিৰ্ক কৰি নিজৰ ওপৰতেই অন্যায় কৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مجادلة أهل الكتاب تكون بالتي هي أحسن.
আহলে কিতাবসকলৰ লগত উত্তমভাৱে বাদানুবাদ কৰা উচিত। info

• الإيمان بجميع الرسل والكتب دون تفريق شرط لصحة الإيمان.
কোনো ভেদাভেদ নকৰাকৈ সকলো ৰাছুল আৰু ঐশীগ্ৰন্থৰ ওপৰত ঈমান পোষণ কৰাটোৱে হৈছে সঠিক ঈমানৰ দাবী। info

• القرآن الكريم الآية الخالدة والحجة الدائمة على صدق النبي صلى الله عليه وسلم.
পৱিত্ৰ কোৰআন হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতাৰ চিৰস্থায়ী নিদৰ্শন, তথা চিৰযুগমীয়া প্ৰমাণ। info