የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
29 : 31

اَلَمْ تَرَ اَنَّ اللّٰهَ یُوْلِجُ الَّیْلَ فِی النَّهَارِ وَیُوْلِجُ النَّهَارَ فِی الَّیْلِ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ ؗ— كُلٌّ یَّجْرِیْۤ اِلٰۤی اَجَلٍ مُّسَمًّی وَّاَنَّ اللّٰهَ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟

তোমালোকে লক্ষ্য কৰা নাইনে, আল্লাহে ৰাতিক হ্ৰাস কৰে দিনৰ পৰিধি বৃদ্ধি কৰিবলৈ। আনহাতে দিনক হ্ৰাস কৰে ৰাতিৰ পৰিধি বৃদ্ধি কৰিবলৈ। তেৱেঁই সূৰ্য্য আৰু চন্দ্ৰৰ বাবে গতিপথ নিৰ্ধাৰণ কৰিছে, সেয়ে সেইবোৰে নিৰ্দিষ্ট সময়লৈকে নিজ নিজ গতি পথত ঘূৰি আছে। তোমালোকৰ সকলো কৰ্ম সম্পৰ্কে আল্লাহ নিশ্চিতভাৱে অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• نقص الليل والنهار وزيادتهما وتسخير الشمس والقمر: آيات دالة على قدرة الله سبحانه، ونعمٌ تستحق الشكر.
দিন-ৰাতিৰ হ্ৰাস আৰু বৃদ্ধি, চন্দ্ৰ সূৰ্য্যৰ নিয়ন্ত্ৰণ আদি, এইবোৰ কিছুমান এনেকুৱা নিদৰ্শন যিবোৰে আল্লাহৰ ক্ষমতাৰ প্ৰমাণ বহন কৰে। তথা এইবোৰ এনেকুৱা নিয়ামত, যাৰ ফলত কৃতজ্ঞতা জ্ঞাপন কৰা অত্যন্ত জৰুৰী। info

• الصبر والشكر وسيلتان للاعتبار بآيات الله.
ধৈৰ্য্য আৰু কৃতজ্ঞতা, এই দুটা হৈছে আল্লাহৰ নিদৰ্শনৰ পৰা উপদেশ গ্ৰহণ কৰাৰ অন্যতম উপায়। info

• الخوف من القيامة يقي من الاغترار بالدنيا، ومن الخضوع لوساوس الشياطين.
কিয়ামতৰ ভয়-ভীতিয়ে মানুহক পাৰ্থিৱ সম্পদৰ প্ৰৱঞ্চনাৰ পৰা আৰু চয়তানৰ কুমন্ত্ৰণাত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰে। info

• إحاطة علم الله بالغيب كله.
গায়েব সম্পৰ্কীয় সকলো তথ্য আল্লাহৰ জ্ঞানে পৰিবেষ্টন কৰি আছে। info