የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
19 : 32

اَمَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فَلَهُمْ جَنّٰتُ الْمَاْوٰی ؗ— نُزُلًا بِمَا كَانُوْا یَعْمَلُوْنَ ۟

এতেকে যিসকল লোকে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ প্ৰতিদানস্বৰূপে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে জান্নাত, য’ত তেওঁলোকে অৱস্থান কৰিব। আল্লাহৰ ফালৰ পৰা তেওঁলোকৰ বাবে এইটো এটা সন্মান; লগতে তেওঁলোকৰ সেইসমূহ সৎকৰ্মৰ প্ৰতিদান, যিবোৰ তেওঁলোকে পৃথিৱীত কৰিছিল। info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إيمان الكفار يوم القيامة لا ينفعهم؛ لأنها دار جزاء لا دار عمل.
কিয়ামতৰ দিনা কাফিৰসকলৰ ঈমানে সিহঁতক কোনো উপকাৰ সাধন নকৰিব। কাৰণ সেইটো হৈছে প্ৰতিদানৰ ঠাই, আমলৰ ঠাই নহয়। info

• خطر الغفلة عن لقاء الله يوم القيامة.
কিয়ামতৰ দিনা হ’বলগীয়া আল্লাহৰ সাক্ষৎ সম্পৰ্কীয় অমনোযোগিতা বৰ ভয়াৱহ। info

• مِن هدي المؤمنين قيام الليل.
ৰাতি জাগৰণ কৰি চালাত আদায় কৰাটো মুমিনসকলৰ পৰিচয়। info