Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (12) ምዕራፍ: ፋጢር
وَمَا یَسْتَوِی الْبَحْرٰنِ ۖۗ— هٰذَا عَذْبٌ فُرَاتٌ سَآىِٕغٌ شَرَابُهٗ وَهٰذَا مِلْحٌ اُجَاجٌ ؕ— وَمِنْ كُلٍّ تَاْكُلُوْنَ لَحْمًا طَرِیًّا وَّتَسْتَخْرِجُوْنَ حِلْیَةً تَلْبَسُوْنَهَا ۚ— وَتَرَی الْفُلْكَ فِیْهِ مَوَاخِرَ لِتَبْتَغُوْا مِنْ فَضْلِهٖ وَلَعَلَّكُمْ تَشْكُرُوْنَ ۟
দুয়োখন সাগৰ সমান হ’ব নোৱাৰে। কাৰণ এখনৰ পানী হৈছে মিঠা, তথা মিঠা হোৱাৰ কাৰণে সেইখনৰ পানী খোৱাটো সহজ। আনহাতে দ্বিতীয়খনৰ পানী হৈছে নিমখীয়া তথা তিতা। ইমান নিমখীয়া যে, সেই পানী খোৱাটোও সম্ভৱ নহয়। উক্ত দুয়োখন সাগৰৰ পৰা তোমালোকে তাজা মাংস অৰ্থাৎ মাছ ভক্ষণ কৰিব পাৰা, লগতে মোতি, মুকুতা আদিও উলিওৱাব পাৰা, যিবোৰ তোমালোকে সৌন্দৰ্য বৃদ্ধি কৰিবলৈ পৰিধান কৰা। হে দৰ্শক! নিশ্চয় তোমালোকে দেখা পোৱা যে, জাহাজবোৰে সাগৰৰ বুকু ফালি অহা যোৱা কৰে, যাতে তোমালোকে ইয়াৰ জৰিয়তে দেশ-বিদেশলৈ ব্যৱসায়-বাণিজ্য কৰিব পাৰা তথা আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা। যাতে তোমালোকে তোমালোকৰ ওপৰত কৰা আল্লাহৰ অসংখ্য নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تسخير البحر، وتعاقب الليل والنهار، وتسخير الشمس والقمر: من نعم الله على الناس، لكن الناس تعتاد هذه النعم فتغفل عنها.
সাগৰৰ নিজৰ কৰ্মত ব্যস্ত থকা, দিন-ৰাতিৰ আৱৰ্তন আৰু চন্দ্ৰ-সূৰ্য্যৰ নিয়ন্ত্ৰণ আদি মানুহৰ ওপৰত আল্লাহৰ এটা ডাঙৰ উপকাৰ। কিন্তু মানুহে এইবোৰ উপকাৰ সদায় উপভোগ কৰাৰ কাৰণে এইবোৰক গুৰুত্ব নিদিয়া হৈছে।

• سفه عقول المشركين حين يدعون أصنامًا لا تسمع ولا تعقل.
এইটো মুশ্বৰিকসকলৰ মুৰ্খতাৰ পৰিচয় যে, সিহঁতে এনেকুৱা কিছুমান মূৰ্ত্তিক আহ্বান কৰে যিবোৰে একো শুনাও নাপায় আৰু একো বুজিও নাপায়।

• الافتقار إلى الله صفة لازمة للبشر، والغنى صفة كمال لله.
মানুহৰ এটা আৱশ্যক গুণ হৈছে সিহঁত আল্লাহৰ মুখাপেক্ষী। আনহাতে অমুখাপেক্ষীতা হৈছে আল্লাহৰ এটা পৰিপূৰ্ণ বৈশিষ্ট্য।

• تزكية النفس عائدة إلى العبد؛ فهو يحفظها إن شاء أو يضيعها.
নিজকে পৱিত্ৰ ৰখাৰ দায়িত্ব হৈছে স্বয়ং মানুহৰ নিজৰেই। সিহঁতে ইচ্ছা কৰিলে নিজকে সুৰক্ষিত ৰাখিব পাৰে আৰু ইচ্ছা কৰিলে বিনষ্ট কৰিব পাৰে।

 
የይዘት ትርጉም አንቀጽ: (12) ምዕራፍ: ፋጢር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት