የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
5 : 35

یٰۤاَیُّهَا النَّاسُ اِنَّ وَعْدَ اللّٰهِ حَقٌّ فَلَا تَغُرَّنَّكُمُ الْحَیٰوةُ الدُّنْیَا ۥ— وَلَا یَغُرَّنَّكُمْ بِاللّٰهِ الْغَرُوْرُ ۟

হে মানৱজাতি! আল্লাহে আখিৰাতৰ জীৱন আৰু কিয়ামতৰ প্ৰতিদান সম্পৰ্কে যি প্ৰতিশ্ৰুতি দান কৰিছে সেয়া সত্য, তাত সন্দেহৰ কোনো অৱকাশ নাই। এতেকে পাৰ্থিৱ জীৱনৰ ভোগ-বিলাসে আৰু প্ৰবৃত্তিৰ চাহিদাই যেন তোমালোকক সৎকৰ্মৰ দ্বাৰা সেই দিৱসৰ প্ৰস্তুতি লোৱাৰ পৰা অমনোযোগী কৰি নাৰাখে। আনহাতে চয়তানে বাতিলক শোভনীয় কৰি উপস্থাপনৰ জৰিয়তে তোমালোকক যেন প্ৰতাৰণা কৰিব নোৱাৰে। লগতে পাৰ্থিৱ জীৱনৰ প্ৰতি যাতে আকৰ্ষিত কৰিব নোৱাৰে। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• تسلية الرسول صلى الله عليه وسلم بذكر أخبار الرسل مع أقوامهم.
আন আন ৰাছুলসকলৰ লগত তেওঁলোকৰ সম্প্ৰদায়ে কেনেকুৱা আচৰণ কৰিছিল, সেই সংবাদবোৰ উল্লেখ কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সান্ত্বনা দিয়া হৈছে। info

• الاغترار بالدنيا سبب الإعراض عن الحق.
সত্যৰ পৰা আঁতৰি থকাৰ অন্যতম এটা কাৰণ হৈছে পাৰ্থিৱ জীৱনৰ মোহ। info

• اتخاذ الشيطان عدوًّا باتخاذ الأسباب المعينة على التحرز منه؛ من ذكر الله، وتلاوة القرآن، وفعل الطاعة، وترك المعاصي.
চয়তানক শত্ৰু হিচাপে গ্ৰহণ কৰিবলৈ সেইবোৰ কাম কৰাও অতি গুৰুত্বপূৰ্ণ, যিবোৰ কৰিলে সহজে তাৰ পৰা ৰক্ষা পাব পাৰি। যেনে- আল্লাহৰ জিকৰ, কোৰআন তিলাৱত, অন্যান্য সৎকৰ্ম আৰু গুনাহৰ পৰা বিৰত থকা ইত্যাদি। info

• ثبوت صفة العلو لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘সুউচ্চ’ ইয়াৰ প্ৰমাণ পোৱা গ’ল। info