የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
8 : 35

اَفَمَنْ زُیِّنَ لَهٗ سُوْٓءُ عَمَلِهٖ فَرَاٰهُ حَسَنًا ؕ— فَاِنَّ اللّٰهَ یُضِلُّ مَنْ یَّشَآءُ وَیَهْدِیْ مَنْ یَّشَآءُ ۖؗ— فَلَا تَذْهَبْ نَفْسُكَ عَلَیْهِمْ حَسَرٰتٍ ؕ— اِنَّ اللّٰهَ عَلِیْمٌۢ بِمَا یَصْنَعُوْنَ ۟

চয়তানে যাৰ পাপ কৰ্মক শোভনীয় কৰি উপস্থাপন কৰিছে আৰু সেই ব্যক্তিয়ে সেইটোক ভাল বুলি ধাৰণা কৰে। এনেকুৱা ব্যক্তি কেতিয়াও সেই ব্যক্তিৰ দৰে হ'ব নোৱাৰে, যাৰ বাবে সত্যক আল্লাহে শোভনীয় কৰি দিছে আৰু তেওঁ সেইটোক ভাল বুলি ভাৱে। দৰাচলতে আল্লাহে যাক ইচ্ছা কৰে হিদায়ত দিয়ে আৰু যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰি দিয়ে। তেওঁক বাধ্য কৰিব পৰা কোনো নাই। এতেকে হে ৰাছুল! আপুনি এই পথভ্ৰষ্টসকলৰ পথভ্ৰষ্টতাত চিন্তিত হৈ নিজকে বিনাশ নকৰিব। নিশ্চয় আল্লাহ সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• تسلية الرسول صلى الله عليه وسلم بذكر أخبار الرسل مع أقوامهم.
আন আন ৰাছুলসকলৰ লগত তেওঁলোকৰ সম্প্ৰদায়ে কেনেকুৱা আচৰণ কৰিছিল, সেই সংবাদবোৰ উল্লেখ কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সান্ত্বনা দিয়া হৈছে। info

• الاغترار بالدنيا سبب الإعراض عن الحق.
সত্যৰ পৰা আঁতৰি থকাৰ অন্যতম এটা কাৰণ হৈছে পাৰ্থিৱ জীৱনৰ মোহ। info

• اتخاذ الشيطان عدوًّا باتخاذ الأسباب المعينة على التحرز منه؛ من ذكر الله، وتلاوة القرآن، وفعل الطاعة، وترك المعاصي.
চয়তানক শত্ৰু হিচাপে গ্ৰহণ কৰিবলৈ সেইবোৰ কাম কৰাও অতি গুৰুত্বপূৰ্ণ, যিবোৰ কৰিলে সহজে তাৰ পৰা ৰক্ষা পাব পাৰি। যেনে- আল্লাহৰ জিকৰ, কোৰআন তিলাৱত, অন্যান্য সৎকৰ্ম আৰু গুনাহৰ পৰা বিৰত থকা ইত্যাদি। info

• ثبوت صفة العلو لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘সুউচ্চ’ ইয়াৰ প্ৰমাণ পোৱা গ’ল। info