Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ያሲን   አንቀጽ:
وَاٰیَةٌ لَّهُمْ اَنَّا حَمَلْنَا ذُرِّیَّتَهُمْ فِی الْفُلْكِ الْمَشْحُوْنِ ۟ۙ
এইদৰে আল্লাহৰ তাওহীদৰ আৰু বান্দাসকলৰ প্ৰতি কৰা তেওঁৰ নিয়ামতসমূহৰ এটা প্ৰমাণ হৈছে এই যে, নূহৰ যুগত সংঘটিত হোৱা মহা প্লাৱনৰ পৰা তেৱেঁই আদম সন্তানক আল্লাহৰ সৃষ্টিৰে ভৰা নাঁৱত আৰোহণ কৰাইছিল। কিয়নো আল্লাহে সেই নাঁৱত প্ৰত্যেক সৃষ্টিৰেই এযোৰ এযোৰকৈ উঠাবলৈ নিৰ্দেশ দিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَخَلَقْنَا لَهُمْ مِّنْ مِّثْلِهٖ مَا یَرْكَبُوْنَ ۟
সিহঁতৰ বাবে আল্লাহৰ তাওহীদৰ আৰু বান্দাসকলৰ প্ৰতি কৰা তেওঁৰ নিয়ামতসমূহৰ এইটোও এটা প্ৰমাণ যে, আমি সিহঁতৰ বাবে নূহ আলাইহিচ্ছালামৰ নাঁৱৰ দৰে অন্যান্য পৰিবহণো বনাইছোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنْ نَّشَاْ نُغْرِقْهُمْ فَلَا صَرِیْخَ لَهُمْ وَلَا هُمْ یُنْقَذُوْنَ ۟ۙ
আমি সিহঁতক ডুবাই মাৰিব বিচাৰিলে নিশ্চয় মাৰিব পাৰিলোহেঁতেন। যদি আমি সিহঁতক ডুবাই মৰাৰ সিদ্ধান্ত ল’লোহেঁতেন তেন্তে সিহঁতৰ কাকুতি মিনতি তথা সহায় প্ৰাৰ্থনাত সঁহাৰি দিব পৰা কোনো নাথাকিলহেঁতেন। আনহাতে আমাৰ ফয়চালা অনুযায়ী সিহঁতে ডুবি যোৱাৰ সময়ত কোনো ত্ৰাণকৰ্তাকো বিচাৰি নাপালেহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
اِلَّا رَحْمَةً مِّنَّا وَمَتَاعًا اِلٰی حِیْنٍ ۟
যদিও আমি সিহঁতৰ প্ৰতি কৃপা কৰি সিহঁতক ডুবি যোৱাৰ পৰা ৰক্ষা কৰিলোহেঁতেন আৰু সিহঁতক এটা নিৰ্ধাৰিত সময়লৈকে উপভোগ কৰাৰ অৱকাশ প্ৰদান কৰিলোহেঁতেন, যিটো সময়ক সিহঁতে কেতিয়াও অতিক্ৰম কৰিব নোৱাৰিব। সম্ভৱতঃ সিহঁতে শিক্ষা গ্ৰহণ কৰিব আৰু ঈমান পোষণ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا قِیْلَ لَهُمُ اتَّقُوْا مَا بَیْنَ اَیْدِیْكُمْ وَمَا خَلْفَكُمْ لَعَلَّكُمْ تُرْحَمُوْنَ ۟
ঈমানৰ পৰা বিমুখ হোৱা এই মুশ্বৰিকসকলক যেতিয়া কোৱা হয় যে, আখিৰাত আৰু ইয়াৰ কঠিন পৰিস্থিতি সম্পৰ্কে ভয় কৰা, লগতে পিছফালে এৰি থৈ যোৱা পৃথিৱী সম্পৰ্কেও সতৰ্ক হোৱা, যাতে আল্লাহে অনুগ্ৰহক্ৰমে তোমালোকৰ প্ৰতি দয়া কৰে। এই কথাষাৰকো সিহঁতে নামানে। বৰং ইয়াক ভ্ৰূক্ষেপ নকৰি ইয়াৰ পৰা আঁতৰি থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا تَاْتِیْهِمْ مِّنْ اٰیَةٍ مِّنْ اٰیٰتِ رَبِّهِمْ اِلَّا كَانُوْا عَنْهَا مُعْرِضِیْنَ ۟
এই স্বৈৰাচাৰী মুশ্বৰিকসকলৰ ওচৰত যেতিয়াই আল্লাহৰ এনেকুৱা কোনো আয়াত অৱতীৰ্ণ হৈছিল, যি আয়াতবোৰে তেওঁৰ তাওহীদ আৰু তেওঁ এককভাৱে ইবাদতৰ যোগ্য হোৱা বিষয়টো প্ৰমাণ কৰে, তেতিয়াই সিহঁতে সেই আয়াতবোৰৰ দ্বাৰা শিক্ষা গ্ৰহণ নকৰাকৈ বিমুখ হৈ আঁতৰি যায়।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا قِیْلَ لَهُمْ اَنْفِقُوْا مِمَّا رَزَقَكُمُ اللّٰهُ ۙ— قَالَ الَّذِیْنَ كَفَرُوْا لِلَّذِیْنَ اٰمَنُوْۤا اَنُطْعِمُ مَنْ لَّوْ یَشَآءُ اللّٰهُ اَطْعَمَهٗۤ ۖۗ— اِنْ اَنْتُمْ اِلَّا فِیْ ضَلٰلٍ مُّبِیْنٍ ۟
শত্ৰুতা পোষণ কৰা এই লোকসকলক যেতিয়া কোৱা হয় যে, আল্লাহে তোমালোকক যি ধন-সম্পদ দান কৰিছে, সেইবোৰৰ দ্বাৰা দুখীয়া-দৰিদ্ৰসকলক সহায় কৰা। তেতিয়া সিহঁতে মুমিনসকলক উত্তৰ দি কয়ঃ আমি সিহঁতক কিয় খোৱাম, যিসকলক আল্লাহে ইচ্ছা কৰিলে নিশ্চয় খোৱাব পাৰে? আনহাতে আমিতো তেওঁৰ ইচ্ছাৰ বিপৰীত কোনো কাম কৰা নাই। হে মুমিনসকল! প্ৰকৃতপক্ষে তোমালোকেই স্পষ্ট বিভ্ৰান্তিত পতিত হৈ আছা।
የአረብኛ ቁርኣን ማብራሪያ:
وَیَقُوْلُوْنَ مَتٰی هٰذَا الْوَعْدُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
পুনৰুত্থানক অস্বীকাৰ কৰা কাফিৰসকলে ইয়াক অস্বীকাৰ কৰি তথা ইয়াক অসম্ভৱ বুলি আখ্যায়িত কৰি কয়ঃ হে মুমিনসকল! যদি তোমালোকে সঁচাই নিজৰ দাবীত সত্যবাদী তেন্তে কোৱাচোন, সেইটো কেতিয়া সংঘটিত হ’ব?!
የአረብኛ ቁርኣን ማብራሪያ:
مَا یَنْظُرُوْنَ اِلَّا صَیْحَةً وَّاحِدَةً تَاْخُذُهُمْ وَهُمْ یَخِصِّمُوْنَ ۟
পুনৰুত্থানক অস্বীকাৰ কৰা তথা ইয়াক অসম্ভৱ বুলি ধাৰণা কৰা লোকসকলে কেৱল শিঙাত প্ৰথমবাৰ ফুঁ দিয়াৰ অপেক্ষা কৰি আছে। শিঙাত ফুঁ দিয়াৰ লগে লগে প্ৰচণ্ড বিকট শব্দই সিহঁতক গ্ৰাস কৰিব, অথচ তেতিয়া সিহঁতে সাংসাৰিক কামত ব্যস্ত থাকিব। কিছুমানে ক্ৰয়-বিক্ৰয়ত ব্যস্ত থাকিব, কিছুমানে খেতি-বাতিত ব্যস্ত থাকিব তথা আন কিছুমানে পশু পালনত ব্যস্ত থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَلَا یَسْتَطِیْعُوْنَ تَوْصِیَةً وَّلَاۤ اِلٰۤی اَهْلِهِمْ یَرْجِعُوْنَ ۟۠
হঠাৎ যেতিয়া এই বিকট শব্দই সিহঁতক আৱৰি ধৰিব, তেতিয়া সিহঁতে ইজনে সিজনক অছিয়তো কৰিব নোৱাৰিব আৰু ঘৰ তথা পৰিয়ালৰ ওচৰলৈও উভতি যাব নোৱাৰিব। বৰং সিহঁত এই ব্যস্ত থকা অৱস্থাতেই মৃত্যুবৰণ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَنُفِخَ فِی الصُّوْرِ فَاِذَا هُمْ مِّنَ الْاَجْدَاثِ اِلٰی رَبِّهِمْ یَنْسِلُوْنَ ۟
দ্বিতীয়বাৰ শিঙাত ফুঁ দিয়া হ’ব পুনৰজীৱনৰ বাবে। তেতিয়া সিহঁত হঠাৎ কবৰৰ পৰা ওলাই হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে নিজ প্ৰতিপালকৰ ওচৰলৈ লৰ মাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْا یٰوَیْلَنَا مَنْ بَعَثَنَا مِنْ مَّرْقَدِنَا ۣٚۘ— هٰذَا مَا وَعَدَ الرَّحْمٰنُ وَصَدَقَ الْمُرْسَلُوْنَ ۟
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা কাফিৰসকলে লজ্জিত হৈ ক’বঃ হায় আফচোচ! আমাক আমাৰ কবৰৰ পৰা কোনে জীৱিত কৰিলে? তেতিয়া সিহঁতক সিহঁতৰ প্ৰশ্নৰ উত্তৰ দিয়া হ’ব, এইটোৱে সেই প্ৰতিশ্ৰুতি যিটো আল্লাহে কৰিছিল; যিটো কাৰ্যকৰী হোৱাটো নিশ্চিত আছিল। এই ক্ষেত্ৰত ৰাছুলসকলে প্ৰতিপালকৰ তৰফৰ পৰা যি বাৰ্তা লৈ আহিছিল, সেইবোৰ পৰিপূৰ্ণৰূপে সত্য আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
اِنْ كَانَتْ اِلَّا صَیْحَةً وَّاحِدَةً فَاِذَا هُمْ جَمِیْعٌ لَّدَیْنَا مُحْضَرُوْنَ ۟
শিঙাত দ্বিতীয়বাৰ ফুঁ দিয়াৰ পিছতেই কবৰৰ পৰা পুনৰ্জীৱিত হোৱাৰ ঘটনা সংঘটিত হ’ব। তাৰ পিছত চাওঁতে চাওঁতে সকলো মখলুক কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে আমাৰ সন্মুখত উপস্থিত হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
فَالْیَوْمَ لَا تُظْلَمُ نَفْسٌ شَیْـًٔا وَّلَا تُجْزَوْنَ اِلَّا مَا كُنْتُمْ تَعْمَلُوْنَ ۟
সেইদিনা ন্যায় সহকাৰে ফয়চালা কৰা হ’ব। হে বান্দাসকল! সেইদিনা কাৰো গুনাহ বৃদ্ধি কৰি তথা কাৰোবাৰ নেকী হ্ৰাস কৰি কোনো ধৰণৰ অন্যায় কৰা নহ’ব। বৰং তোমালোকক পৰিপূৰ্ণৰূপে তাৰেই প্ৰতিদান দিয়া হ’ব, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من أساليب تربية الله لعباده أنه جعل بين أيديهم الآيات التي يستدلون بها على ما ينفعهم في دينهم ودنياهم.
আল্লাহে তেওঁৰ বান্দাসকলক প্ৰশিক্ষণ দিয়াৰ এটা অন্যতম পদ্ধতি হৈছে, তেওঁ বান্দাসকলৰ সন্মুখত নিদৰ্শন ৰাখি দিছে, সেইবোৰৰ পৰা তেওঁলোকে দ্বীন দুনিয়াৰ লাভদায়ক বিষয়বোৰ আহৰণ কৰিব পাৰে।

• الله تعالى مكَّن العباد، وأعطاهم من القوة ما يقدرون به على فعل الأمر واجتناب النهي، فإذا تركوا ما أمروا به، كان ذلك اختيارًا منهم.
আল্লাহে বান্দাসকলক প্ৰতিষ্ঠিত কৰিছে তথা সিহঁতক সামৰ্থ প্ৰদান কৰিছে, যাতে তেওঁলোকে তেওঁৰ আদেশ পালন কৰিব পাৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকিব পাৰে। কিন্তু যেতিয়া তেওঁলোকে তেওঁৰ আদেশকৃত কোনো বিষয় এৰি দিয়ে, সেইক্ষেত্ৰত এইটো তেওঁলোকৰ ইচ্ছাধীন বিষয়।

 
የይዘት ትርጉም ምዕራፍ: ያሲን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት