Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ሷድ   አንቀጽ:
وَقَالُوْا مَا لَنَا لَا نَرٰی رِجَالًا كُنَّا نَعُدُّهُمْ مِّنَ الْاَشْرَارِ ۟ؕ
অনাচাৰী অহংকাৰী লোকসকলে ক’বঃ কি হ’ল আমাৰ, জাহান্নামত আমাৰ লগত সেইসকল লোকক দেখা নাপাওঁ যে, যিসকলক পৃথিৱীত আমি অভাগা আৰু শাস্তিৰ উপযুক্ত বুলি ভাবিছিলোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
اَتَّخَذْنٰهُمْ سِخْرِیًّا اَمْ زَاغَتْ عَنْهُمُ الْاَبْصَارُ ۟
আমি তেওঁলোকৰ বিষয়ে উপহাস আৰু বিদ্ৰুপ কৰাটো ভুল আছিল নেকি, যাৰ ফলত সিহঁতে শাস্তিৰ সন্মুখীন হোৱা নাই। নাইবা এনেকুৱাও হ’ব পাৰে যে, আমি সঠিক আছিলোঁ, তথা সিহঁতেও জাহান্নামত প্ৰৱেশ কৰিছে, কিন্তু আমি তেওঁলোকক দেখা পোৱা নাই?।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ ذٰلِكَ لَحَقٌّ تَخَاصُمُ اَهْلِ النَّارِ ۟۠
কিয়ামতৰ দিনা হ'বলগীয়া কাফিৰসকলৰ মাজত বাদানুবাদ সম্পৰ্কে এই যিটো বৰ্ণনা আমি দাঙি ধৰিলোঁ, নিশ্চিতভাৱে এইটো সত্য। ইয়াত কোনো ধৰণৰ সন্দেহ তথা সংশয়ৰ অৱকাশ নাই।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اِنَّمَاۤ اَنَا مُنْذِرٌ ۖۗ— وَّمَا مِنْ اِلٰهٍ اِلَّا اللّٰهُ الْوَاحِدُ الْقَهَّارُ ۟ۚ
হে মুহাম্মদ! আপুনি আপোনাৰ উম্মতৰ কাফিৰসকলক কৈ দিয়কঃ মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈহে প্ৰেৰিত হৈছোঁ, যাতে তোমালোকে কুফৰী কৰাৰ কাৰণে আৰু আল্লাহৰ ৰাছুলসকলক অস্বীকাৰ কৰাৰ কাৰণে তেওঁৰ শাস্তিত পতিত নোহোৱা। আল্লাহৰ বাহিৰে ইবাদতৰ যোগ্য আন কোনো সত্য উপাস্য নাই। তেওঁ মহানতা, গুণ-বৈশিষ্ট্য আৰু সুন্দৰ নামৰ ক্ষেত্ৰত একক তথা অদ্বিতীয়। তেওঁ অত্যন্ত প্ৰভাৱশালী। প্ৰত্যেক বস্তু তেওঁৰ অধীনস্থ, আৰু প্ৰত্যেকেই তেওঁৰ প্ৰতি বিনয়াৱনত।
የአረብኛ ቁርኣን ማብራሪያ:
رَبُّ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا الْعَزِیْزُ الْغَفَّارُ ۟
তেৱেঁই আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰ প্ৰতিপালক। ৰাজত্বত তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ هُوَ نَبَؤٌا عَظِیْمٌ ۟ۙ
হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী লোকসকলক কৈ দিয়ক, নিশ্চয় কোৰআন হৈছে মহামৰ্যাদাৱান সংবাদ।
የአረብኛ ቁርኣን ማብራሪያ:
اَنْتُمْ عَنْهُ مُعْرِضُوْنَ ۟
কিন্তু তোমালোক এই মহামৰ্যাদাৱান সংবাদৰ পৰা বিমুখ হৈ আছা। ইয়াৰ প্ৰতি মনোযোগ প্ৰদান কৰা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
مَا كَانَ لِیَ مِنْ عِلْمٍ بِالْمَلَاِ الْاَعْلٰۤی اِذْ یَخْتَصِمُوْنَ ۟
আদম আলাইহিচ্ছালামৰ সৃষ্টি সম্পৰ্কে ফিৰিস্তাসকলৰ মাজত কি কি আলোচনা হৈ আছিল, সেই সম্পৰ্কে মোৰ একো জ্ঞান নাছিল। নিশ্চয় এই সম্পৰ্কে আল্লাহেই মোৰ প্ৰতি অহী কৰিছে তথা তেৱেঁই মোক অৱগত কৰাইছে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنْ یُّوْحٰۤی اِلَیَّ اِلَّاۤ اَنَّمَاۤ اَنَا نَذِیْرٌ مُّبِیْنٌ ۟
আল্লাহে মোৰ প্ৰতি এইকাৰণে অহী প্ৰেৰণ কৰে, যাতে মই তোমালোকক স্পষ্টৰূপে সতৰ্ক কৰিব পাৰোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
اِذْ قَالَ رَبُّكَ لِلْمَلٰٓىِٕكَةِ اِنِّیْ خَالِقٌۢ بَشَرًا مِّنْ طِیْنٍ ۟
সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া আপোনাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিলঃ নিশ্চয় মই মাটিৰ দ্বাৰা এজন মানৱ অৰ্থাৎ আদম আলাইহিচ্ছালামক সৃষ্টি কৰিম।
የአረብኛ ቁርኣን ማብራሪያ:
فَاِذَا سَوَّیْتُهٗ وَنَفَخْتُ فِیْهِ مِنْ رُّوْحِیْ فَقَعُوْا لَهٗ سٰجِدِیْنَ ۟
এতেকে যেতিয়া মই তেওঁৰ সৃষ্টিৰ কাম সম্পূৰ্ণ কৰিম আৰু তেওঁৰ আকাৰ-আকৃতিৰ কাম পৰিপূৰ্ণ হ’ব, লগতে তেওঁৰ দেহত যেতিয়া মই মোৰ ৰূহ সঞ্চাৰ কৰিম, তেতিয়া তোমালোকে তেওঁক ছাজদাহ কৰিবা।
የአረብኛ ቁርኣን ማብራሪያ:
فَسَجَدَ الْمَلٰٓىِٕكَةُ كُلُّهُمْ اَجْمَعُوْنَ ۟ۙ
এতেকে সকলো ফিৰিস্তাই তেওঁলোকৰ প্ৰতিপালকৰ আদেশ পালন কৰিলে, তথা সকলোৱে সন্মানপূৰ্বক ছাজদাহ কৰিলে। তেওঁলোকৰ মাজৰ কোনেও অৱশিষ্ট নাছিল, যিয়ে আদমক ছাজদাহ কৰা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
اِلَّاۤ اِبْلِیْسَ ؕ— اِسْتَكْبَرَ وَكَانَ مِنَ الْكٰفِرِیْنَ ۟
কিন্তু ইবলীছৰ বাহিৰে। সি অহংকাৰ কৰি ছাজদাহ কৰা নাছিল। অহংকাৰ কৰি নিজ প্ৰতিপালকৰ আদেশ পালন নকৰাৰ বাবে সি কাফিৰসকলৰ অন্তৰ্ভুক্ত হৈ গ’ল।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ یٰۤاِبْلِیْسُ مَا مَنَعَكَ اَنْ تَسْجُدَ لِمَا خَلَقْتُ بِیَدَیَّ ؕ— اَسْتَكْبَرْتَ اَمْ كُنْتَ مِنَ الْعَالِیْنَ ۟
আল্লাহে ক’লেঃ হে ইবলীছ! আদমক ছাজদাহ কৰিবলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে, যাক মই মোৰ দুহাতেৰে সৃষ্টি কৰিছোঁ?! অহংকাৰে তোমাক ছাজদাহ কৰিবলৈ বাধা দিছে নেকি? নে তুমি পূৰ্বৰে পৰা তোমালোকৰ প্ৰতিপালকৰ প্ৰতি অহংকাৰ কৰি আহিছা তথা তুমি নিজকে অধিক উচ্চ মৰ্যাদাসম্পন্ন বুলি ভৱা?!
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ اَنَا خَیْرٌ مِّنْهُ ؕ— خَلَقْتَنِیْ مِنْ نَّارٍ وَّخَلَقْتَهٗ مِنْ طِیْنٍ ۟
ইবলীছে ক’লেঃ “মই আদমতকৈ উৎকৃষ্ট। আপুনি মোক অগ্নিৰে সৃষ্টি কৰিছে আৰু তেওঁক সৃষ্টি কৰিছে মাটিৰে”। ইবলীছৰ মতে অগ্নি হৈছে মাটিতকৈ উত্তম উপাদান।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ فَاخْرُجْ مِنْهَا فَاِنَّكَ رَجِیْمٌ ۟ۙۖ
আল্লাহে ইবলীছক ক’লেঃ জান্নাতৰ পৰা ওলাই যোৱা। নিশ্চিয় তুমি অভিশপ্ত তথা শাপগ্ৰস্ত।
የአረብኛ ቁርኣን ማብራሪያ:
وَّاِنَّ عَلَیْكَ لَعْنَتِیْۤ اِلٰی یَوْمِ الدِّیْنِ ۟
প্ৰতিদান দিৱস পৰ্যন্ত তোমাক জান্নাতৰ পৰা বিতাৰিত কৰা হ’ল, অৰ্থাৎ কিয়ামত পৰ্যন্ত।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ رَبِّ فَاَنْظِرْنِیْۤ اِلٰی یَوْمِ یُبْعَثُوْنَ ۟
ইবলীছে ক’লেঃ মোক অৱকাশ দিয়ক, লগতে যিদিনা আপুনি আপোনাৰ বান্দাসকলক পুনৰ্জীৱিত কৰিব সেইদিন পৰ্যন্ত মোক মৃত্যু প্ৰদান নকৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ فَاِنَّكَ مِنَ الْمُنْظَرِیْنَ ۟ۙ
আল্লাহে ক’লেঃ যোৱা, তোমাক অৱকাশ দিয়া হ’ল।
የአረብኛ ቁርኣን ማብራሪያ:
اِلٰی یَوْمِ الْوَقْتِ الْمَعْلُوْمِ ۟
সেইদিন পৰ্যন্ত অৱকাশ দিয়া হ’ল, যিদিনা তোমাক ধ্বংস কৰা হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ فَبِعِزَّتِكَ لَاُغْوِیَنَّهُمْ اَجْمَعِیْنَ ۟ۙ
ইবলীছে ক’লেঃ আপোনাৰ ক্ষমতা আৰু প্ৰভুত্বৰ শপত! নিশ্চিতভাৱে মই গোটেই আদম সন্তানক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিম।
የአረብኛ ቁርኣን ማብራሪያ:
اِلَّا عِبَادَكَ مِنْهُمُ الْمُخْلَصِیْنَ ۟
কেৱল সেই ব্যক্তিৰ বাহিৰে যাক আপুনি মোৰ পথভ্ৰষ্টতাৰ পৰা ৰক্ষা কৰিব, তথা যাক আপুনি আপোনাৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• القياس والاجتهاد مع وجود النص الواضح مسلك باطل.
কোৰআন হাদীছৰ স্পষ্ট প্ৰমাণ থকাৰ পিছতো কিয়াচ অথবা ইজতিহাদ কৰাটো ভুল পন্থা।

• كفر إبليس كفر عناد وتكبر.
ইবলীছৰ কুফৰ আছিল অহংকাৰ তথা অবাধ্যতা নিৰ্ভৰ কুফৰী।

• من أخلصهم الله لعبادته من الخلق لا سبيل للشيطان عليهم.
আল্লাহে তেওঁৰ যি বান্দাক তেওঁৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰিব, চয়তানে তাক কেতিয়াও সঠিক পথৰ পৰা পথভ্ৰষ্ট কৰিব নোৱাৰিব।

 
የይዘት ትርጉም ምዕራፍ: ሷድ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት