የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
9 : 38

اَمْ عِنْدَهُمْ خَزَآىِٕنُ رَحْمَةِ رَبِّكَ الْعَزِیْزِ الْوَهَّابِ ۟ۚ

অথবা এই মিছলীয়া মুশ্বৰিকসকলৰ ওচৰত আপোনাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ ভাণ্ডাৰ আছে নেকি? আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ যাক যি ইচ্ছা কৰে সেইটোৱে দান কৰে। নুবুওৱত হৈছে তেওঁৰ অনুগ্ৰহ ভাণ্ডাৰৰ এটা অংশ। এতেকে তেওঁ যাক ইচ্ছা কৰে তাকহে তেওঁ নুবুওৱত দান কৰে। এইক্ষেত্ৰত সিহঁতৰ কোনো অধিকাৰ নাই যে, সিহঁতে যাক ইচ্ছা কৰিব দান কৰিব আৰু যাক ইচ্ছা কৰিব বঞ্চিত কৰিব। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أقسم الله عز وجل بالقرآن العظيم، فالواجب تَلقِّيه بالإيمان والتصديق، والإقبال على استخراج معانيه.
আল্লাহে পৱিত্ৰ মহান কোৰআনৰ শপত খাইছে। গতিকে ইয়াৰ ওপৰত ঈমান পোষণ কৰা আৰু ইয়াক সমৰ্থন কৰা অত্যাৱশ্যক। লগতে ইয়াৰ তাৎপৰ্যক স্বীকাৰ কৰা উচিত। info

• غلبة المقاييس المادية في أذهان المشركين برغبتهم في نزول الوحي على السادة والكبراء.
মুশ্বৰিকসকলৰ চিন্তাধাৰাক ভৌতিক চাহিদাই গ্ৰাস কৰিছে। সেইকাৰণেই সিহঁতে তুলনাৰ ক্ষেত্ৰত ভৌতিক বস্তুক অগ্ৰাধিকাৰ দিয়ে। যাৰ ফলত সিহঁতে নেতৃস্থানীয় আৰু প্ৰমুখ লোকসকলৰ ওপৰত অহী অৱতীৰ্ণ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। info

• سبب إعراض الكفار عن الإيمان: التكبر والتجبر والاستعلاء عن اتباع الحق.
কাফিৰসকলে ঈমান পোষণ নকৰাৰ অন্যতম কাৰণ হৈছে সিহঁতৰ অহংকাৰ, গৌৰৱ আৰু আত্মাভিমান। info