የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
6 : 39

خَلَقَكُمْ مِّنْ نَّفْسٍ وَّاحِدَةٍ ثُمَّ جَعَلَ مِنْهَا زَوْجَهَا وَاَنْزَلَ لَكُمْ مِّنَ الْاَنْعَامِ ثَمٰنِیَةَ اَزْوَاجٍ ؕ— یَخْلُقُكُمْ فِیْ بُطُوْنِ اُمَّهٰتِكُمْ خَلْقًا مِّنْ بَعْدِ خَلْقٍ فِیْ ظُلُمٰتٍ ثَلٰثٍ ؕ— ذٰلِكُمُ اللّٰهُ رَبُّكُمْ لَهُ الْمُلْكُ ؕ— لَاۤ اِلٰهَ اِلَّا هُوَ ۚ— فَاَنّٰی تُصْرَفُوْنَ ۟

হে মানৱজাতি! তোমালোকক তোমালোকৰ প্ৰতিপালকে এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে, অৰ্থাৎ আদমৰ পৰা। তাৰ পিছত আদমৰ পৰা তেওঁৰ স্ত্ৰী হাৱাক সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ বাবে উট, গৰু, ছাগলী, ভেড়া আদিৰ আঠ প্ৰকাৰ সৃষ্টি কৰিছে। প্ৰত্যেকৰে মাজত মতা-মাইকী সৃষ্টি কৰিছে। পৱিত্ৰ আল্লাহেই তোমালোকক তোমালোকৰ মাতৃগৰ্ভত ত্ৰিবিধ অন্ধকাৰত পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে, পেট, গৰ্ভাশয় আৰু পাতল আৱৰণৰ অন্ধকাৰত। এইবোৰক যি সত্ত্বাই সৃষ্টি কৰে, সেই আল্লাহেই হৈছে তোমালোকৰ প্ৰতিপালক। সাৰ্বভৌমত্ব একমাত্ৰ তেওঁৰেই। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে তেওঁৰ ইবাদতৰ পৰা বিমুখ হৈ তোমালোকে কেনেকৈ সেইবোৰৰ উপাসনালৈ উভতি যোৱা যিবোৰে একোৱেই সৃষ্টি কৰিব নোৱাৰে, আনকি সেইবোৰ নিজেই সৃষ্ট?! info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• رعاية الله للإنسان في بطن أمه.
আল্লাহে মানুহক তাৰ মাকৰ গৰ্ভতো পৰিপূৰ্ণভাৱে লক্ষ্য ৰাখে। info

• ثبوت صفة الغنى وصفة الرضا لله.
আল্লাহৰ দুটা গুণৰ প্ৰমাণ পোৱা গ'ল, ‘অমুখাপেক্ষী’ আৰু “আল্লাহৰ সন্তুষ্টি”। info

• تعرّف الكافر إلى الله في الشدة وتنكّره له في الرخاء، دليل على تخبطه واضطرابه.
কাফিৰসকলে বিপদৰ সময়ত আল্লাহক স্মৰণ কৰে আৰু সুখত থকাৰ সময়ত অস্বীকাৰ কৰে। এইটো হৈছে সিহঁতৰ বিবেকহীনতাৰ প্ৰমাণ। info

• الخوف والرجاء صفتان من صفات أهل الإيمان.
আশংকা আৰু আশা, এই দুটা হৈছে ঈমান্দাৰসকলৰ গুণ। info