የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
154 : 4

وَرَفَعْنَا فَوْقَهُمُ الطُّوْرَ بِمِیْثَاقِهِمْ وَقُلْنَا لَهُمُ ادْخُلُوا الْبَابَ سُجَّدًا وَّقُلْنَا لَهُمْ لَا تَعْدُوْا فِی السَّبْتِ وَاَخَذْنَا مِنْهُمْ مِّیْثَاقًا غَلِیْظًا ۟

দৃঢ় প্ৰতিশ্ৰুতি লোৱাৰ উদ্দেশ্যে আমি সিহঁতৰ ওপৰত পৰ্বত উত্তোলন কৰিছিলো, যাতে সিহঁতে ভয় কৰে আৰু প্ৰতিশ্ৰুতি অনুসাৰে কৰ্ম কৰে। তাৰ পিছত আমি সিহঁতক কৈছিলোঃ ছাজদা কৰি শিৰ নত কৰা অৱস্থাত বাইতুল মাকদিছৰ দুৱাৰেৰে প্ৰৱেশ কৰা। কিন্তু সিহঁতে নিজৰ নিতম্ব চোঁচৰাই প্ৰৱেশ কৰিলে। আমি সিহঁতক আৰু কৈছিলোঃ শনিবাৰে মাছ মাৰি আমাৰ আদেশ উলংঘা নকৰিবা। কিন্তু সিহঁতে মান্য কৰা নাছিল। আৰু সিহঁতে মাছ মাৰিছিল। আমি সিহঁতৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিলো কিন্তু সিহঁতে অঙ্গীকাৰৰ মান ৰক্ষা কৰা নাছিল, আৰু অঙ্গীকাৰ ভঙ্গ কৰিছিল। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• يجوز للمظلوم أن يتحدث عن ظلمه وظالمه لمن يُرْجى منه أن يأخذ له حقه، وإن قال ما لا يسر الظالم.
নিৰ্যাতিত ব্যক্তিৰ বাবে বৈধ যে তেওঁ সেই ব্যক্তিৰ সন্মুখত অন্যায়কাৰী আৰু অন্যায়ৰ বিৰুদ্ধে ভাঙি পাতি কব পাৰে যিয়ে তেওঁক তেওঁৰ অধিকাৰ আনি দিব পাৰিব। এনে পৰিস্থিতিত তেওঁ অন্যায়কাৰীৰ বিৰুদ্ধে এনেকুৱা কথাও কব পাৰে যিটো অন্যায়কাৰীয়ে পছন্দ নকৰে। info

• حض المظلوم على العفو - حتى وإن قدر - كما يعفو الرب - سبحانه - مع قدرته على عقاب عباده.
নিৰ্যাতিত ব্যক্তিক ক্ষমা কৰি দিয়াৰ প্ৰেৰণা দিয়া হৈছে। যদিও তেওঁ প্ৰতিশোধ লবলৈ সক্ষম। যিদৰে আল্লাহৰ ওচৰত শাস্তি প্ৰদানৰ শক্তি থকা সত্ত্বেও, তেওঁ নিজ বান্দাসকলক ক্ষমা কৰি দিয়ে। info

• لا يجوز التفريق بين الرسل بالإيمان ببعضهم دون بعض، بل يجب الإيمان بهم جميعًا.
কিছুমান ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰি আৰু আন কিছুমানক অস্বীকাৰ কৰি তেওঁলোকৰ মাজত পাৰ্থক্য কৰা বৈধ নহয়। বৰং সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা অনিবাৰ্য। info