የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
40 : 4

اِنَّ اللّٰهَ لَا یَظْلِمُ مِثْقَالَ ذَرَّةٍ ۚ— وَاِنْ تَكُ حَسَنَةً یُّضٰعِفْهَا وَیُؤْتِ مِنْ لَّدُنْهُ اَجْرًا عَظِیْمًا ۟

নিশ্চয় আল্লাহ ন্যায়পৰায়ণ, তেওঁৰ বান্দাসকলৰ প্ৰতি অকণো অন্যায় নকৰে, সিহঁতৰ নেকীৰ পৰা পৰুৱাৰ সমান নেকীও হ্ৰাস নকৰে আৰু গুনাহো বৃদ্ধি নকৰে। আনহাতে যদি মাকৈ দানা পৰিমাণো নেকী থাকে, তেন্তে তাৰ ছোৱাব তেওঁৰ কৃপাত কেই গুণ বৃদ্ধি কৰি, নিজৰ ফালৰ পৰা ডাঙৰ প্ৰতিদান প্ৰদান কৰে। info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من كمال عدله تعالى وتمام رحمته أنه لا يظلم عباده شيئًا مهما كان قليلًا، ويتفضل عليهم بمضاعفة حسناتهم.
আল্লাহৰ পূৰ্ণ ন্যায়পৰায়ণতা আৰু তেওঁৰ অসীম কৃপাৰ এটা নিদৰ্শন এই যে, তেওঁ বান্দাৰ প্ৰতি অকণো অন্যায় নকৰে, বৰং নিজ অনুগ্ৰহত সিহঁতৰ নেকীসমূহক কেইবা গুণ বৃদ্ধি কৰি দিয়ে। info

• من شدة هول يوم القيامة وعظم ما ينتظر الكافر يتمنى أن يكون ترابًا.
ক্বিয়ামত দিৱসৰ অৱস্থা ইমান ভয়াৱহ হব আৰু কাফিৰসকলে শাস্তিৰ পৰা ইমান ভয় কৰিব যে, সিহঁতে মাটিত মিহলি হৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিব। info

• الجنابة تمنع من الصلاة والبقاء في المسجد، ولا بأس من المرور به دون مُكْث فيه.
জুনুবী অৱস্থাত ছালাত আদায় কৰা তথা মছজিদত অৱস্থান কৰা নিষিদ্ধ, আনহাতে অৱস্থান নকৰাকৈ পাৰ হৈ যোৱাত কোনো অসুবিধা নাই। info

• تيسير الله على عباده بمشروعية التيمم عند فقد الماء أو عدم القدرة على استعماله.
পানী নোপোৱা অৱস্থাত তথা পানী ব্যৱহাৰ কৰিবলৈ সামৰ্থ নথকা অৱস্থাত আল্লাহে তায়াম্মুম কৰাৰ অনুমতি প্ৰদান কৰি তেওঁৰ বান্দাসকলৰ বাবে সহজ কৰি দিছে। info