የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (78) ምዕራፍ: ሱረቱ አን-ኒሳዕ
اَیْنَمَا تَكُوْنُوْا یُدْرِكْكُّمُ الْمَوْتُ وَلَوْ كُنْتُمْ فِیْ بُرُوْجٍ مُّشَیَّدَةٍ ؕ— وَاِنْ تُصِبْهُمْ حَسَنَةٌ یَّقُوْلُوْا هٰذِهٖ مِنْ عِنْدِ اللّٰهِ ۚ— وَاِنْ تُصِبْهُمْ سَیِّئَةٌ یَّقُوْلُوْا هٰذِهٖ مِنْ عِنْدِكَ ؕ— قُلْ كُلٌّ مِّنْ عِنْدِ اللّٰهِ ؕ— فَمَالِ هٰۤؤُلَآءِ الْقَوْمِ لَا یَكَادُوْنَ یَفْقَهُوْنَ حَدِیْثًا ۟
তোমালোক যতেই নাথাকা কিয়, যেতিয়া নিৰ্দিষ্ট সময় আহি পৰিব, তেতিয়া তোমালোকৰ মৃত্যু হবই, যদিও তোমালোক যুদ্ধৰ ময়দানৰ পৰা দূৰৈত মজবুত দুৰ্গত আত্ম গোপন নকৰা কিয়। এই মুনাফিকসকলৰ স্বভাৱ এনেকুৱা যে, যদি সিহঁতে সন্তান আৰু সম্পদ আদিৰ দৰে কোনো বস্তু পায় তেন্তে কয়ঃ এয়া আল্লাহৰ ফালৰ পৰা। আনহাতে সন্তান আৰু সম্পত্তিত কোনো অনিষ্ট সাধন হলে, সেয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অমঙ্গল বুলি দাবী কৰি কয়ঃ এই ক্ষতি আপোনাৰ কাৰণে হৈছে। হে ৰাছুল! আপুনি ইয়াৰ খণ্ডন কৰি কওঁক, ভাল আৰু বেয়া সকলো আল্লাহৰ ফয়চালা আৰু তেওঁ নিৰ্ধাৰণৰ (তাক্বদীৰৰ) অধীনত হয়। এই ধৰণে কথা কোৱা ব্যক্তিসকলৰ আচলতে হৈছে কি, সিহঁতে আপোনাৰ কথা বুজি নাপায় কিয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب القتال لإعلاء كلمة الله ونصرة المستضعفين، وذم الخوف والجبن والاعتراض على أحكام الله.
আল্লাহৰ দ্বীন সুউচ্চ কৰাৰ বাবে যুদ্ধ কৰা আৰু দুৰ্বল তথা অসহায় লোকক সহায় কৰা অনিবাৰ্য। আনহাতে ভয়, কাপুৰুষতা আৰু আল্লাহৰ আদেশৰ পৰা বিমুখ হোৱাৰ পৰা সাৱধান কৰা হৈছে।

• الدار الآخرة خير من الدنيا وما فيها من متاع وشهوات لمن اتقى الله تعالى وعمل بطاعته.
আল্লাহৰ আদেশ পালনকাৰী মুত্তাকীসকলৰ বাবে আখিৰাতৰ ঘৰ, পৃথিৱী আৰু ইয়াৰ সা-সামগ্ৰীৰ তথা ভোগ-বিলাসৰ বস্তুতকৈ বহু গুণে উত্তম।

• الخير والشر كله بقدر الله، وقد يبتلي الله عباده ببعض السوء في الدنيا لأسباب، منها: ذنوبهم ومعاصيهم.
কল্যাণ আৰু অকল্যাণ সকলো আল্লাহৰ ফালৰ পৰা। কেতিয়াবা কেতিয়াবা আল্লাহে তেওঁৰ বান্দাসকলক কিছুমান কাৰণত যেনে- গুনাহ আৰু অবাধ্যতা আদিৰ ফলত বিপদাপন্ন কৰি পৰীক্ষা কৰে।

 
የይዘት ትርጉም አንቀጽ: (78) ምዕራፍ: ሱረቱ አን-ኒሳዕ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት