የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
22 : 40

ذٰلِكَ بِاَنَّهُمْ كَانَتْ تَّاْتِیْهِمْ رُسُلُهُمْ بِالْبَیِّنٰتِ فَكَفَرُوْا فَاَخَذَهُمُ اللّٰهُ ؕ— اِنَّهٗ قَوِیٌّ شَدِیْدُ الْعِقَابِ ۟

এই শাস্তি সিহঁতে এইকাৰণে ভোগ কৰিবলগীয়া হৈছিল, কাৰণ সিহঁতৰ ওচৰত ধাৰাহিকভাৱে আল্লাহৰ ফালৰ পৰা ৰাছুল আৰু স্পষ্ট দলিল-প্ৰমাণ তথা অকাট্য যুক্তি আহিছিল, তথাপিও সিহঁতে আল্লাহৰ লগত কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। সিহঁত শক্তিশালী হোৱাৰ পিছতো আল্লাহে সিহঁতক ধ্বংস কৰিছিল। এতেকে যিয়ে আল্লাহৰ লগত কুফৰী কৰিব আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিব, নিশ্চয় আল্লাহে তাক কঠোৰ শাস্তি বিহিব। আল্লাহ সৰ্বশক্তিমান, অতি পৱিত্ৰ। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• التذكير بيوم القيامة من أعظم الروادع عن المعاصي.
কিয়ামতৰ স্মৰণ হৈছে গুনাহৰ পৰা বিৰত থকাৰ প্ৰমুখ উপায়। info

• إحاطة علم الله بأعمال عباده؛ خَفِيَّة كانت أم ظاهرة.
আল্লাহৰ জ্ঞানে তেওঁৰ বান্দাসকলৰ প্ৰকাশ্য অপ্ৰকাশ্য সকলো কৰ্ম পৰিবেষ্টন কৰি আছে। info

• الأمر بالسير في الأرض للاتعاظ بحال المشركين الذين أهلكوا.
পূৰ্বৱৰ্তী ধ্বংসপ্ৰাপ্ত মুশ্বৰিকসকলৰ অৱস্থাৰ পৰা শিক্ষা লবলৈ পৃথিৱীৰ বুকুত ভ্ৰমণ কৰাৰ আদেশ দিয়া হৈছে। info