የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
6 : 42

وَالَّذِیْنَ اتَّخَذُوْا مِنْ دُوْنِهٖۤ اَوْلِیَآءَ اللّٰهُ حَفِیْظٌ عَلَیْهِمْ ۖؗ— وَمَاۤ اَنْتَ عَلَیْهِمْ بِوَكِیْلٍ ۟

যিসকলে আল্লাহৰ বাহিৰে মূৰ্ত্তিবোৰক আকোঁৱালি লৈছে, তথা আল্লাহৰ বাহিৰে সেইবোৰৰ উপাসনা কৰে আৰু সেইবোৰক নিজৰ সংৰক্ষক বুলি ভাৱে। আল্লাহে সিহঁতক সুক্ষ্মভাৱে চাই আছে, তথা সিহঁতৰ যাৱতীয় কৰ্ম ৰেকৰ্ড কৰি আছে। লগতে তেওঁ সিহঁতক ইয়াৰ প্ৰতিদানো দিব। হে ৰাছুল! আপোনাক সিহঁতৰ কৰ্ম সংৰক্ষণ কৰাৰ দায়িত্ব দিয়া হোৱা নাই। সিহঁতৰ কৰ্ম সম্পৰ্কে আপোনাক একো সোধ-পোচ কৰাও নহ’ব। কাৰণ আপোনাৰ দায়িত্ব হৈছে কেৱল বাৰ্তা পৌঁচাই দিয়া। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• عظمة الله ظاهرة في كل شيء.
আল্লাহৰ মহানতা প্ৰত্যেক বস্তুৰ দ্বাৰাই স্পষ্ট। info

• دعاء الملائكة لأهل الإيمان بالخير.
ফিৰিস্তাসকলে মুমিনসকলৰ বাবে কল্যাণৰ দুআ কৰে। info

• القرآن والسُنَّة مرجعان للمؤمنين في شؤونهم كلها، وبخاصة عند الاختلاف.
কোৰআন আৰু হাদীছ এই দুখন হৈছে মুমিনসকলৰ বাবে প্ৰত্যেক ক্ষেত্ৰতে মূল গ্ৰন্থ। বিশেষকৈ মতভেদৰ সময়ত। info

• الاقتصار على إنذار أهل مكة ومن حولها؛ لأنهم مقصودون بالرد عليهم لإنكارهم رسالته صلى الله عليه وسلم وهو رسول للناس كافة كما قال تعالى: ﴿وَمَآ أَرسَلنُّكَ إلَّا كافةً لِّلنَّاس...﴾، (سبأ: 28).
মক্কা আৰু তাৰ ওচৰে-পাঁজৰে থকা লোকসকলক সাৱধান কৰাৰ বৰ্ণনা এইকাৰণে আহিছে, কাৰণ সিহতৰ ধাৰণাক খণ্ডন কৰাটোৱে হৈছে ইয়াৰ উদ্দেশ্য। কিয়নো প্ৰথমে সিহঁতেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰিছালতক অস্বীকাৰ কৰিছিল। পক্ষান্তৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰিত ৰাছুল। যেনে আল্লাহ তাআলাই কৈছেঃ ﴿وَمَآ أَرۡسَلۡنَٰكَ إِلَّا كَآفَّةً لِّلنَّاسِ...﴾ অৰ্থাৎ আমি আপোনাক গোটেই মানৱজাতিৰ বাবে ৰাছুল হিচাপে প্ৰেৰণ কৰিছোঁ। (ছুৰা ছাবা) info