የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (7) ምዕራፍ: ሱረቱ አሽ ሹራ
وَكَذٰلِكَ اَوْحَیْنَاۤ اِلَیْكَ قُرْاٰنًا عَرَبِیًّا لِّتُنْذِرَ اُمَّ الْقُرٰی وَمَنْ حَوْلَهَا وَتُنْذِرَ یَوْمَ الْجَمْعِ لَا رَیْبَ فِیْهِ ؕ— فَرِیْقٌ فِی الْجَنَّةِ وَفَرِیْقٌ فِی السَّعِیْرِ ۟
হে ৰাছুল! যিদৰে আপোনাৰ পূৰ্বে নবীসকলৰ প্ৰতি আমি অহী কৰিছিলোঁ, ঠিক সেইদৰে আমি আপোনাৰ প্ৰতি আৰবী ভাষাত কোৰআনৰ অহী কৰিছোঁ, যাতে আপুনি মক্কাৰ অধিবাসীসকলক আৰু ইয়াৰ ওচৰে-পাঁজৰে থকা লোকসকলক আৰু তাৰ পিছত গোটেই মানৱ জাতিক সতৰ্ক কৰিব পাৰে আৰু মানুহক কিয়ামত সম্পৰ্কে সতৰ্ক কৰিব পাৰে, যিদিনা আল্লাহে আগৰ পিছৰ সকলো লোককে একে ঠাইতে হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একত্ৰিত কৰিব। সেই দিৱস সম্পৰ্কে কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। সেইদিনা মানুহবিলাক দুটা গোটত বিভক্ত হ’ব, এটা গোটৰ মানুহে জান্নাতত প্ৰৱেশ কৰিব, তেওঁলোক হৈছে মুমিনসকল। আৰু আনটো গোটৰ লোকসকলে জাহান্নামত প্ৰৱেশ কৰিব, আৰু সিহঁত হৈছে কাফিৰসকল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عظمة الله ظاهرة في كل شيء.
আল্লাহৰ মহানতা প্ৰত্যেক বস্তুৰ দ্বাৰাই স্পষ্ট।

• دعاء الملائكة لأهل الإيمان بالخير.
ফিৰিস্তাসকলে মুমিনসকলৰ বাবে কল্যাণৰ দুআ কৰে।

• القرآن والسُنَّة مرجعان للمؤمنين في شؤونهم كلها، وبخاصة عند الاختلاف.
কোৰআন আৰু হাদীছ এই দুখন হৈছে মুমিনসকলৰ বাবে প্ৰত্যেক ক্ষেত্ৰতে মূল গ্ৰন্থ। বিশেষকৈ মতভেদৰ সময়ত।

• الاقتصار على إنذار أهل مكة ومن حولها؛ لأنهم مقصودون بالرد عليهم لإنكارهم رسالته صلى الله عليه وسلم وهو رسول للناس كافة كما قال تعالى: ﴿وَمَآ أَرسَلنُّكَ إلَّا كافةً لِّلنَّاس...﴾، (سبأ: 28).
মক্কা আৰু তাৰ ওচৰে-পাঁজৰে থকা লোকসকলক সাৱধান কৰাৰ বৰ্ণনা এইকাৰণে আহিছে, কাৰণ সিহতৰ ধাৰণাক খণ্ডন কৰাটোৱে হৈছে ইয়াৰ উদ্দেশ্য। কিয়নো প্ৰথমে সিহঁতেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰিছালতক অস্বীকাৰ কৰিছিল। পক্ষান্তৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰিত ৰাছুল। যেনে আল্লাহ তাআলাই কৈছেঃ ﴿وَمَآ أَرۡسَلۡنَٰكَ إِلَّا كَآفَّةً لِّلنَّاسِ...﴾ অৰ্থাৎ আমি আপোনাক গোটেই মানৱজাতিৰ বাবে ৰাছুল হিচাপে প্ৰেৰণ কৰিছোঁ। (ছুৰা ছাবা)

 
የይዘት ትርጉም አንቀጽ: (7) ምዕራፍ: ሱረቱ አሽ ሹራ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት